For faster navigation, this Iframe is preloading the Wikiwand page for নাদিৰা (অভিনেত্ৰী).

নাদিৰা (অভিনেত্ৰী)

নাদিৰা

১৯৫৫ চনৰ শ্ৰী ৪২০ ছবিত নাদিৰা
জন্ম ফ্লোৰেন্স ইজাকিয়েল
০৫ ডিচেম্বৰ, ১৯৩২
বাগদাদ, ইৰাকৰ ৰাজধানী
মৃত্যু ০৯ ফেব্ৰুৱাৰী, ২০০৬ (৭৩ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ইণ্ডিয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৫২-২০০১
বঁটা, সন্মান, পুৰস্কাৰ আদি ফিল্মফেয়াৰ বঁটা ১৯৭৬ চনত

নাদিৰা, যাৰ জন্ম নাম ফ্লোৰেন্স ইজাকিয়েল, (জন্ম : ডিচেম্বৰ ১৯৩২ আৰু মৃত্যু: ৯ ফেব্ৰুৱাৰী ২০০৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী কথাছবি জগতত বহুদিন ধৰি সক্ৰিয় হৈ আছিল। তেওঁ ১৯৫০ আৰু ১৯৬০ চনৰ পৰা আন (১৯৫২), শ্ৰী ৪২০ (১৯৫৫), পাকিজা (১৯৭২), আৰু জুলি (১৯৭৫) আদি জনপ্ৰিয় ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।[1][2]

আদি জীৱন

[সম্পাদনা কৰক]

১৯৩২ চনৰ ৫ ডিচেম্বৰত ইৰাকৰ বাগদাদৰ এটা বাগদাদী ইহুদী পৰিয়ালত নাদিৰাৰ জন্ম হয়।[1] নাদিৰাৰ কেঁচুৱা অৱস্থাত তেওঁৰ পৰিয়ালে ব্যৱসায়িক সুযোগৰ সন্ধানত বাগদাদৰ পৰা বম্বেলৈ প্ৰব্ৰজন কৰে।[3] তেওঁৰ দুজন ভাতৃ আছিল, বৰ্তমান এজন আমেৰিকাত আৰু আন এজন ইজৰাইলত থাকে।[4]

কেৰিয়াৰ

[সম্পাদনা কৰক]

নাদিৰাই তেওঁৰ দহ বা এঘাৰ বছৰ বয়সতে ১৯৪৩ চনত নিৰ্মিত হিন্দী ভাষাৰ ছবি মৌজত প্ৰথম অভিনয় কৰিছিল৷[3] তেওঁ অভিনয় জীৱনত অগ্ৰগতি লাভ কৰিছিল চলচ্চিত্ৰ পৰিচালক মেহবুব খানৰ পত্নী চৰ্দাৰ আখতাৰৰ দ্বাৰা, যিয়ে তেওঁক আন (১৯৫২) ছবিত অভিনয় কৰোৱাইছিল। ছবিখনত ৰাজপুত ৰাজকুমাৰীৰ ভূমিকাত কৰা অভিনয়ৰে তেওঁৰ ছবিজগতত অভিনয়ৰ উত্থান ঘটিছিল।[2][5][1] ১৯৫৫ চনত নাদিৰাই শ্ৰী ৪২০ত মায়া নামৰ এগৰাকী ধনী সমাজসেৱিকাৰ চৰিত্ৰত অভিনয় কৰিছিল৷[1][2] দিল আপনা ঔৰ প্ৰীত পৰাই (১৯৬০), পাকিজাহ (১৯৭২), হাঁসতে জখম (১৯৭৩), অমৰ আকবৰ এন্থনী (১৯৭৭) আদি কেইবাখনো ছবিত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছিল। ছবিসমূহত তেখেতক প্ৰায়ে আবেদনময়ী বা ভ্যাম্প চৰিত্ৰ হিচাপে নিৰ্বাচিত কৰা হৈছিল, যিবোৰ ভূমিকাক সেই সময়ত হিন্দী চলচ্চিত্ৰ উদ্যোগৰ দ্বাৰা মুখ্য খলনায়িকা চৰিত্ৰসমূহৰ বাবে আদৰ্শ চৰিত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল।[2]

১৯৭৫ চনত জুলি ছবিখনত অভিনয় কৰাৰ বাবে নাদিৰাই শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে।[2] ১৯৮০ আৰু নব্বৈৰ দশকৰ সময়ছোৱাত তেওঁ বেছিভাগেই সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। পশ্চিমীয়া সংস্কৃতিৰ ভাবমূৰ্তি থকা বাবে হিন্দী ছবিত তেওঁ প্ৰায়ে খ্ৰীষ্টান বা এংলো-ইণ্ডিয়ান মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ শেষৰটো চৰিত্ৰ আছিল জোছ (২০০০) ছবিখনত।

তেওঁৰ কেৰিয়াৰৰ সময়ছোৱাত সৰ্বাধিক মাননি পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আছিল আৰু সেই সময়ৰ প্ৰথম ভাৰতীয় অভিনেত্ৰীসকলৰ ভিতৰত ৰ'লছ ৰয়েছৰ মালিক হোৱা অন্যতম আছিল।[2]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

জীৱনৰ পিছৰ বছৰবোৰত নাদিৰা ভাৰতৰ মুম্বাইত অকলে বাস কৰিবলৈ লৈছিল, কিয়নো তেওঁৰ প্ৰায়বোৰ আত্মীয় ইজৰাইললৈ গুচি গৈছিল। মৃত্যুৰ আগৰ তিনি বছৰত তেওঁ মাত্ৰ এগৰাকী গৃহকৰ্মীৰ সৈতে নিজৰ এপাৰ্টমেণ্টত বাস কৰিছিল। ২০০৬ চনৰ ২৪ জানুৱাৰীত হৃদযন্ত্ৰৰ ক্ৰিয়া প্ৰায় বন্ধ হৈ পৰাত অৰ্ধচেতন অৱস্থাত নাদিৰাক চিকিৎসালয়ত ভৰ্তি কৰা হয়। সেইসময়ত তেওঁৰ টিউবাৰকুলাৰ মেনিনজাইটিছ আৰু মদ্যপান কৰাৰ ফলত যকৃতৰ বিকাৰ আৰু পক্ষাঘাত আদিৰ দৰে একাধিক স্বাস্থ্যজনিত সমস্যাই ভিৰ কৰিছিল।[2][5]

২০০৬ চনৰ ৯ ফেব্ৰুৱাৰীত ৭৩ বছৰ বয়সত মুম্বাইৰ তাৰদেওত থকা ভাটিয়া চিকিৎসালয়ত দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত তেওঁৰ মৃত্যু হয়।[1][2]মৃত্যুৰ সময়ত তেওঁ তেওঁৰ দুই ভাতৃক এৰি থৈ যায়।[5]

নাদিৰাই মৃত্যুৰ কেইবছৰমানৰ আগলৈ বহুতো ছবিত অভিনয় কৰি গৈছে৷ তেওঁ দুখন টিভি চিৰিয়েল, মাৰ্গাৰিটা আৰু এক থা ৰাষ্টী-ছিজন১ তো অভিনয় কৰিছিল৷ মাৰ্গাৰিটা নাছা আৰু এক থা ৰাষ্ঠী- ছিজন১ত মিছেচ মেকেঞ্জীৰ চৰিত্ৰত অভিনয় কৰিছিল৷

বছৰ নাম চৰিত্ৰ টোকা
২০০১ জোহৰা মহল জোহৰা মহল
2000 জোছ[5] লেডী ডি ক’ষ্টা
1999 কটন মেৰী[2] মেট্টী
1997 তামান্না[2][5] নাজনীন বেগম
1992 গড ফাদাৰ
1992 মেহবুবা
1991 জুথী ছান ৰাণীমা
1991 হাছান দা ছোৰ
1991 লাইলা
1988 মৌলা বক্স
1985 সাগৰ[2][5] মিছ যোছেফ
1984 কিম(তিভি ধাৰাবাহিক কুলুৰ বিধৱা
1982 ৰাস্তে প্যাৰ কে
1982 অশান্তি স্কুল প্ৰিন্সিপাল
1981 দছহট শ্ৰীমতী বিশাল
1981 আচ পাছ
1980 ছাল বাজ[2]
1980 স্বয়ম্বৰ দুৰ্গা দেৱী ভাৰ্গৱ
1979 দুনীয়া মেৰী জেৱ মেঁ
1979 বিন ফেৰে হাম তেৰে
1979 মগ্ৰুৰ শ্ৰীমতী দিশা
1978 নৌক্ৰী লিলী
1977 আপ কি খাতিৰ
1977 আশিক হুঁ বাহাৰোঁ কা হীৰা
1977 অমৰ আকবৰ এন্থনী সৰু চৰিত্ৰ
1977 দাৰ্লিং দাৰ্লিং
1977 পাপী বিক্ৰমৰ গাড়ীৰ খুন্দা খোৱা বুঢ়ী মানুহ
1976 ভাঁৱাৰ শৰ্দা দেৱী
1975 ধৰ্মাত্মা
1975 জুলীৰ মাক ১৯৭৬ চনত ফিল্মফেয়াৰ বঁটা লাভ
1975 কহতে হেঁ মুঝকো ৰাজা
1975 মেৰে সৰতাজ
1974 ফাছলা
1974 ইস্ক ইস্ক ইস্ক
1974 ৱো মেঁ নেহী
1973 এক নাৰী দো ৰূপ
1973 হাঁসতে জখম
1973 পয়াৰ কা ৰিস্তা
1972 এক নজৰ আমিনাবী
1972 ৰাজা জানি
1971 কহী আৰ কহী পাৰ
1972 আনোখা দান
1972 পাকিজা[2][5] গুহৰ জান
1970 বম্বে টকী অঞ্জনা দেৱী
1970 চেতনা নিৰ্মলা
1970 এক নান্নী মুন্নী লেড়কী থী
1970 ইস্ক পৰ জোৰ নেহী শ্ৰীমতী ডোৰাইস্বামী
1970 চফৰ শ্ৰীমতী কাপুৰ
1969 দা গুৰু সৰু চৰিত্ৰ
1969 ইনচাফ কী মন্দিৰ
1969 জাহা প্যাৰ মিলে
1969 তালাছ ৰঙা শাৰী পৰিহিতা চঞ্চলা নাৰী
1968 কহী দি কহী ৰাত শ্ৰীমতী ইন্দ্ৰাণী
1968 সপনো কা সৌদাগৰ ৰঞ্জনাৰ মাক
1963 মেৰি চুৰত তেৰি আখেঁ
1965 চোটী চোটী বাটেঁ শান্তা
1965 এক্সিডেণ্ট
1960 দিল অপনা অউৰ প্ৰীত পৰায়ে[2] কুসুম সুশীল ভাৰ্মা
1960 কালা বাজাৰ নিজে
1958 পুলিচ
1956 বিলাভদ্ কৰীনা
1956 পকেট মাৰ
1956 সামুন্দ্ৰি ডাকু
1956 চিপাহচালাৰ
1956 শ্ৰী ৪২০[1][2][5] মায়া
1955 জ্বলন
1955 ৰফ্টাৰ
1954 'ডাক বাবু'
1954 ৱাৰিছ কান্তা
1953 নাগমা
1952 আন[1][5] ৰাজকুমাৰী ৰাজশ্ৰী
1943 মৌজ শিশু চৰিত্ৰ

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "Nadira, Who Played the Vamp in Bollywood, Is Dead". The New York Times. Agence France-Presse. 10 February 2006. https://www.nytimes.com/2006/02/10/arts/nadira-who-played-the-vamp-in-bollywood-is-dead.html. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 2.14 2.15 "Veteran actress Nadira passes away". MidDay,com website. 31 January 2006. Archived from the original on 20 February 2006. https://web.archive.org/web/20060220111022/http://web.mid-day.com/news/city/2006/february/130439.htm। আহৰণ কৰা হৈছে: 8 January 2021. 
  3. 3.0 3.1 Singh, Kuldip (2 April 2009). "Nadira" (en ভাষাত). The Independent. https://www.independent.co.uk/news/obituaries/nadira-6109051.html। আহৰণ কৰা হৈছে: 9 May 2021. 
  4. "Jewish Stars of Bollywood" Haaretz (newspaper), Published 14 April 2013. Retrieved 8 January 2021
  5. 5.00 5.01 5.02 5.03 5.04 5.05 5.06 5.07 5.08 5.09 Priyanka Jain (16 January 2006). "Nadira: A woman ahead of her time". Rediff.com. https://in.rediff.com/movies/2006/jan/16nadira.htm। আহৰণ কৰা হৈছে: 9 January 2021. 
{{bottomLinkPreText}} {{bottomLinkText}}
নাদিৰা (অভিনেত্ৰী)
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?