দিন
এটা দিন হ’ল সময় নিৰূপনৰ এক একক।
সমাৰ্থক শব্দ
দিবা, দিৱস, অহ্ন, প্ৰহৰ
জ্যোতিৰ্বৈজ্ঞানিক সংজ্ঞা
![](https://upload.wikimedia.org/wikipedia/commons/thumb/6/67/Sidereal_day_%28prograde%29.png/220px-Sidereal_day_%28prograde%29.png)
জ্যোতিৰ্বিজ্ঞানে আহ্নিক গতিৰ এক আৱৰ্তন পূৰ্ণ হওঁতে যি সময় লাগে সিয়েই হ’ল এদিন। তেনেদৰে সূৰ্যৰ আপেক্ষিকবাদ সংজ্ঞাত ক’লে সৌৰদিন (solar day) যিটো বাৰ্ষিক গতিৰ কাৰণে নক্ষত্ৰ দিনৰ (sideral day) পৰা এটা দীঘলীয়া আৰু বিভিন্ন ঋতুত কম বেছি হয়।
ভাষাগত ভাবে দিনৰ সূৰ্যৰ পোহৰেৰে আলোকিত অংশ হ’ল "দিন" আৰু অন্ধকাৰ ভাগ ৰাতি (ৰজনী)। সেই ক্ষেত্ৰত গোটেই দিন-ৰাতি বুলি ক’লে সম্পূৰ্ণ ২৪ ঘণ্টা বুজায়।
অন্যান্য সময় এককৰ সৈতে সম্পৰ্ক
- ২৪ ঘণ্টাই (৮৬,৪০০ ছেকেণ্ডত) এটা দিন হিচাপে ধৰা হয়।
- ১৫ দিনত এক পক্ষ বা পষেক হয়।
- ৩০ দিনত এক মাহ হয়।
- ৩৬৫ দিনত এক বছৰ হয়।
|
Text is available under the CC BY-SA 4.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.