For faster navigation, this Iframe is preloading the Wikiwand page for তাল (বাদ্যযন্ত্ৰ).

তাল (বাদ্যযন্ত্ৰ)

তাল

নামঘৰত গায়ন-বায়নৰ দ্বাৰা ভোৰতাল বজোৱা দৃশ্য
শ্ৰেণী ভাৰতীয় তালাশ্ৰয়ী ঘনবাদ্য

তাল এবিধ ঘূৰণীয়া আৰু চেপেটা কাঁহ বা পিতলৰে নিৰ্মিত এবিধ বাদ্যযন্ত্ৰ।[1] এইবিধ বাদ্য নৃত্য-গীতত তাল ৰাখিবলৈ ব্যৱহাৰ কৰা হয়।[2] এই বাদ্য দুখন সমান বৃত্তাকাৰ কাঁহেৰে সজা হয় য'ত মাজ অংশ অৱতল কৰি ক্ষূদ্ৰ আকাৰৰ এডাল ৰছী লগোৱোৰ সুবিধা থাকে। এইবিধ বাদ্য বিহুগীত, লোকগীত আৰু কিছুমান আধ্যাত্মিক নাম-কীৰ্তনত ব্যৱহাৰ হয়।

তাল শব্দটো সংস্কৃত শব্দ "তাল"ৰ পৰা আহিছে। তাল ভাৰতীয় সংগীত আৰু সংস্কৃতিৰ অভিন্ন অংগ। ই একপ্ৰকাৰৰ ঘনবাদ্য। হিন্দু ধৰ্মীয় শাস্ত্ৰ সমূহত "কৰতাল"ৰ উল্লেখ পোৱা যায়।

তাল সাধাৰণতে কাঁহেৰে তৈয়াৰ কৰা হয়। কিছুমান ঠাইত ব্ৰঞ্জ, পিতল, দস্তা আৰু তামৰো তাল দেখা যায়। তাল দুখন ঘূৰণীয়া চেপেটা ধাতুৰ পাতৰ মাজ অংশ অলপ উঠি অহা। ইয়াৰ মাজ অংশ অৱতল কৰি ক্ষূদ্ৰ আকাৰৰ এডাল ৰছী লগোৱোৰ সুবিধা থাকে। এই ৰছীৰ সহায়ত দুয়ো তাল সংযোজিত কৰা হয়। বিভিন্ন তালৰ শব্দ ইয়াৰ আকাৰ, ওজন আৰু ব্যৱহৃত ধাতুৰ ওপৰত ভিত্তি কৰি ভিন ভিন। তালবাদক জনে নিজৰ ইচ্ছামতে মাজৰ ৰছীডাল চুটি দীঘল কৰিব পাৰে।

মঞ্জিৰা বা কৰতালৰ কিছুমান বাদ্যত কাঠৰ ফ্ৰেমৰ ভিতৰত কেইবাটাও সৰু সৰু তাল থাকে।

তালৰ আকাৰ, আকৃতি আৰু ওজনৰ ওপৰত ভিত্তি কৰি কেইবাটাও প্ৰকাৰত ভাগ কৰা হৈছে।

বিভিন্ন প্ৰকাৰৰ তাল
মঞ্জিৰা
খুটি তাল

ভোৰতাল বা বৰতাল

[সম্পাদনা কৰক]

ভোৰতালৰ ওজন সাধাৰণতে ২.৫ কিলোগ্ৰামৰ পৰা ৬.৫ কিলোগ্ৰাম পৰ্যন্ত হয় আৰু বহলে প্ৰায় ৪৫ ছেমিৰ পৰা ৬০ ছেমিলৈ থাকে।[3] বিভিন্ন প্ৰকাৰৰ তাল যেনে খঞ্জৰী বা খঞ্জৰীকা, খুটি তাল, পাতি তাল, মঞ্জিৰা তাল, ৰামতাল আদিৰ মাজত ভোৰতালৰ আকাৰেই সকলোতকৈ ডাঙৰ আকৃতিৰ হয়। এই তালক সেয়ে বৰতাল বা ব্ৰহ্মতাল বুলিও জনা যায়।[3] ভূট তাল ভোৰতালৰ আন এক নাম। ভূটান, তিব্বত আদিত বৌদ্ধসংগীতত ভোৰতালৰ লেখীয়া বাদ্যযন্ত্ৰৰ ব্যৱহাৰ দেখি অনুমান কৰা হয় যে এই বাদ্য ভূটানৰ পৰা আমদানি কৰা হৈছিল।[3]

বৈষ্ণৱৰ নাম-কীৰ্তন, ওজাপালি, থিয় নাম, পাল নাম, চেওঁ চাপৰি নাম প্ৰভৃতি পৰিৱেশনত ভোৰ তাল আৱশ্যকীয় অংগ। থিয় অথবা পাল নামত একোজনা বাদকে কেইবাজোৰো ভোৰ তাল একেলগে বজায়।[4]

মাজোতাল

[সম্পাদনা কৰক]

মধ্যমীয়া আকাৰৰ তাল বিধক মাজোতাল বোলা হয়।

খুটি তাল বা সৰু তাল

[সম্পাদনা কৰক]

ই আটাইতকৈ সৰু তাল।[5] ইয়াক মঞ্জিৰা নামেৰেও জনা যায়। ই ঘাইকৈ পাৰম্পৰিক, লোকগীত আৰু শাস্ত্ৰীয় সংগীতত ব্যৱহাৰ কৰা হয়। সেইদৰে ভাৰতৰ শাস্ত্ৰীয় নৃত্য সমূহতো ইয়াৰ ব্যৱহাৰ দেখা যায়। ইয়াৰ অন্যান্য নাম সমূহ হল: তালিজ, তালম, তাল, গিনি, জালৰা ইত্যাদি।[6]

ৰাম তাল বা খৰিতাল

[সম্পাদনা কৰক]

দুই কাঠৰ ফ্ৰেমৰ মাজত সৰু সৰু তালেৰে ইয়াক তৈয়াৰ কৰা হয়। ইয়াক কৰতাল হিচাপেও জনা যায়। ইয়াক ঘাইকৈ ভজন-কীৰ্তনত ব্যৱহাৰ কৰা হয়।

বিহু তাল

[সম্পাদনা কৰক]

বিহুত ব্যৱহাৰ কৰা এবিধ বাদ্য হ'ল তাল। নৃত্যগীতত তাল ৰাখিবৰ বাবে এই বিধ বাদ্য ব্যৱহাৰ কৰা হয়। বিহুৰ বাবে তাল এবিধ অতি অপৰিহাৰ্য্য বাদ্য। ঢোলৰ লগত তালযোৰ ব্যৱহাৰ নকৰিলে ঢোলৰ চেওবোৰ উকা উকা লাগে। বিহুত সাধাৰণতে তাল অকলে ব্যৱহাৰ কৰা নহয়। ইয়াক সদায় ঢোলৰ লগতহে বজোৱা হয়। তালযোৰে ঢোলৰ চেওবোৰক অধিক স্পষ্ট কৰাৰ লগতে শ্ৰুতিমধুৰ কৰে।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Solid Instrument Article, Musical Instruments: Solids, Solid Instrument From New Delhi, Solid Instrument Musical Instrument, Popular Solid Instrument, New Delhi Based Solid Instrument". 4to40.com. 2007-03-14. Archived from the original on 2013-12-03. https://web.archive.org/web/20131203005643/http://www.4to40.com/music/article.asp?p=Musical_Instruments_-_Solids&c=Musical_Instrument&sc=Solid_Instrument। আহৰণ কৰা হৈছে: 2013-02-28. 
  2. Caudhurī, Vimalakānta Rôya (2007). The Dictionary Of Hindustani Classical Music. প্ৰকাশক Delhi, India: Motilal Banarsidass. পৃষ্ঠা. 173. ISBN 978-81-208-1708-1. https://archive.org/details/dictionaryofhind00roya. , originally published in 2000
  3. 3.0 3.1 3.2 "Taal". Anvesha.co.in. Archived from the original on 2016-05-27. https://web.archive.org/web/20160527231544/http://www.anvesha.co.in/taal_en.htm। আহৰণ কৰা হৈছে: 2013-03-06. 
  4. অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনাৰ- ড॰ পৰমানন্দ ৰাজবংশী, ড॰ নাৰায়ন দাস (পৃষ্ঠা- ২৬৯)
  5. "Instruments". Archived from the original on July 1, 2011. https://web.archive.org/web/20110701131637/http://enajori.com/culture/instruments/instruments1.html। আহৰণ কৰা হৈছে: July 24, 2011. 
  6. Courtney, David. "Manjira – Indian hand cymbals". Chandrakantha.com. Archived from the original on 2013-01-18. https://web.archive.org/web/20130118060439/http://www.chandrakantha.com/articles/indian_music/manjira.html। আহৰণ কৰা হৈছে: 2013-02-28. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • ৱিকিমিডিয়া কমন্সত তাল সম্পৰ্কীয় মিডিয়া ফাইল।
{{bottomLinkPreText}} {{bottomLinkText}}
তাল (বাদ্যযন্ত্ৰ)
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?