For faster navigation, this Iframe is preloading the Wikiwand page for ডামাস্কাছ.

ডামাস্কাছ

ডামাস্কাছ
دمشق
Dimashq
View of Damascus from Mount Qassioun
View of Damascus from Mount Qassioun
ডামাস্কাছৰ আনুষ্ঠানিক মোহৰ
উপনাম: 
City of Jasmine
Country  ছিৰিয়া
Governorates Damascus Governorate, Capital City
চৰকাৰ
 • Governor Bishr Al Sabban
কালি
 • মহানগৰ 105 km2 (41 sq mi)
 • নগৰ
77 km2 (30 sq mi)
উচ্চতা
680 m (2,230 ft)
জনসংখ্যা
 (2009 est.)[2]
 • মহানগৰ 17,11,000
আধিকাৰিক নাম Ancient City of Damascus
ধৰণ Cultural
চৰ্ত i, ii, iii, iv, vi
নিৰ্ধাৰিত 1979 (3rd session)
প্ৰসংগ  সংখ্যা 20
State Party Syria
Region Arab States

ডামাস্কাছ (ইংৰাজী: Damascus) বা দামিস্ক (আৰবী: دمشق Dimashq [ˈdimaʃq]) হৈছে পূৰ্ৱ এলেপ্প’ৰ গণযুদ্ধৰ পৰা ছিৰিয়াৰ ৰাজধানী আৰু বৃহত্তম চহৰ। ই বৰ্তমান ছিৰিয়াৰ সৰ্ববৃহৎ চহৰ। ছিৰিয়াত ইয়াক সাধাৰণতে আছ-ছাম (আৰবী: الشام ash-Shām) বুলি কোৱা হয় আৰু তগৰৰ চহৰ (আৰবী: مدينة الياسمين Madīnat al-Yāsmīn) উপনামেৰে জনা যায়। ডামাস্কাছ হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি কালৰে পৰা বসবাস কৰা চহৰসমূহৰ ভিতৰত অন্যতম।[3] ই লেভেণ্টৰ প্ৰধান ধৰ্মীয় আৰু সাংস্কৃতিক কেন্দ্ৰ। ২০০৯ চনৰ পৰিসংখ্যামতে নগৰখনৰ জনসংখ্যা প্ৰায় ১৭,১১,০০০।[2]

ছিৰিয়াৰ দক্ষিণ-পশ্চিমত অৱস্থিত ডামাস্কাছ হৈছে প্ৰায় ২.৬ নিযুত জনসংখ্যাৰ (২০০৪) এক বৃহৎ মহানগৰীয় অঞ্চল।[4] ভৌগোলিকভাৱে ডামাস্কাছ এণ্টি-লেবানন পৰ্বতমালাৰ সমতলত ভূমধ্যসাগৰৰ সমুদ্ৰতীৰৰ পৰা ৮০ কিলোমিটাৰ (৫০ মাইল) আঁতৰত আৰু সমুদ্ৰপৃষ্ঠৰ পৰা ৬৮০ মিটাৰ (২,২৩০ ফুট) উচ্চতাত অৱস্থিত। বৰ্ষা-ছায়া প্ৰভাৱৰ বাবে এই অঞ্চলৰ জলবায়ু অৰ্ধ-শুষ্ক। ডামাস্কাছৰ মাজেদি বাৰাদাৰা নদী বৈ গৈছে।

চহৰখন খ্ৰীষ্টপূৰ্ব ২য় মিলেনিয়ামত স্থাপিত হৈছিল, ৬৬১ৰ পৰা ৭৫০ চনলৈ ই উমায়াড কেলিফাটেৰ ৰাজধানী আছিল। আব্বাছিড সাম্ৰাজ্যৰ বিজয়ৰ পিছতেই ইছলামিক শক্তি বাগদাদলৈ স্থানান্তৰিত হয়। কেৱল আয়ুবিদ আৰু মামলোক কালত বিশেষ গুৰুত্ব প্ৰাপ্তি কৰিবলৈকে ডামাস্কাছত এক ৰাজনৈতিক পটত দেখা পোৱা গৈছিল। বৰ্তমান ইয়াত কেন্দ্ৰীয় চৰকাৰ আৰু সকলো চৰকাৰী মন্ত্ৰালয়ৰ শাসন চলে।

সংস্কৃতি

[সম্পাদনা কৰক]
নেচনেল মিউজিয়াম অৱ ডামাস্কাছ

ডামাস্কাছক আৰৱ সাংস্কৃতিক ৰাজধানী ২০০৮ৰ খিতাপ প্ৰদান কৰা হৈছিল।[5] এই অনুষ্ঠানৰ পূৰ্বায়োজন ২০০৭ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই আৰম্ভ কৰা হৈছিল। "ডামাস্কাছ আৰৱ কেপিটেল অৱ কালচাৰ"ৰ বাবে এক প্ৰশাসনিক সমিতি ইয়াৰ লগত জড়িত আছিল।[6]

সংগ্ৰহালয়

[সম্পাদনা কৰক]
  • ডামাস্কাছৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়
  • আজেম পেলেচ
  • মিলিটেৰী মিউজিয়াম
  • অক্টোবৰ ৱাৰ পেন'ৰামা মিউজিয়াম
  • মিউজিয়াম অৱ আৰৱিক কেল্লিগ্ৰাফী
  • নুৰ আল-ডিন বিমাৰিস্তান

ডামাস্কাছৰ সৰ্বাধিক লোক ইছলাম ধৰ্মী। অধিকতৰ মুছলমান ছু্ন্নি আনহাতে নগণ্য সংখ্যক আলাৱাইট আৰু টুৱেলভাৰ ছিয়া। পূৰ্বতে আলাৱাইট সকল মেজাহ জিলাত বসবাস কৰিছিল। ছিয়া সকল পূৰ্বতে ছিয়া পবিত্ৰ স্থান ছায়িদা ৰুকায়া আৰু ছায়িদাহ জাইনাবৰ কাষত বাস কৰিছিল। ডামাস্কাছত প্ৰায় দুশৰো অধিক মঠ আছে, আটাইতকৈ বিখ্যাত মঠ হৈছে উমায়াদ মঠ।[7] মুঠ জনসংখ্যাৰ ১৫%-২০% খ্ৰীষ্টান ধৰ্মৰ লোক আছে। বহু খ্ৰীষ্টান ৰায়তৰ মুখ্য কাৰ্যালয় ডামাস্কাছত আছে। ইয়াৰ খ্ৰীষ্টান প্ৰধান জিলা হৈছে বাব টুমা, কুঁৱাছা আৰু ঘাছানি। প্ৰত্যেক জিলাতে বহু গীৰ্জাঘৰ আছে, বহু পুৰণি ছেপেল অৱ ছেইণ্ট পাওল উল্লেখযোগ্য। ১৯৮২ আৰু ২০০৪ চনৰ মাজত কুমাৰী মেৰীৰ অনুপ্ৰেৰণাৰ এক শৃংখলা ছৌফেনিছ অনুষ্ঠিত কৰা হৈছিল বুলি কোৱা হয়।[8] নগৰখনত অতি কম সংখ্যক ড্ৰোজ ধৰ্মী লোকো আছে, বিশেষকৈ টডমন,[9] জাৰামানা আৰু ছাহনায় অঞ্চলত। বব টামাত ছিৰিয়ান অৰ্থডক্সৰ উচ্চতম গীৰ্জা আছে। এই গীৰ্জা ডামাস্কাছৰ মধ্য-পূব মূলৰ ছিৰিয়াক অৰ্থডক্স গীৰ্জাৰ সতন্ত্ৰ গীৰ্জা আৰু নিজা নেতৃত্ব সম্পন্ন আৰু ভাৰততো ইয়াৰ গঠন আছে, যদিও দুয়োটাতে একেই খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰা হয়। ছিৰিয়াত প্ৰয় ১,৭০,০০০ ছিৰিয়াক অৰ্থডক্স সদস্য আছে।

ইয়াত হাৰাত-আল-য়াহুদ জিয়ুছ কোৱাৰ্টাৰ নামৰ এক ক্ষুদ্ৰ জিয়ুছ সম্প্ৰদায়ো আছে।

ছুফিবাদ

[সম্পাদনা কৰক]

ছুন্নি ধৰ্মী, বিশেষকৈ ডামাস্কাছৰ ছুন্নি সকলৰ ওপৰত বিংশ শতিকাৰ ছুফিবাদে প্ৰভাৱিত কৰা পৰিলক্ষিত হয়। সমগ্ৰ বিশ্বজুৰি মুনিৰা-আল-কোৱাছিৰ নেতৃত্বত চলা বৃহত্তৰ কেৱল মহিলা আৰু কেৱল ছোৱালী মুছলীম বিপ্লৱ ছুফীবাদৰ দ্বাৰা প্ৰভাৱিত আৰু ডামাস্কাছেই ইয়াৰ আধাৰ স্বৰূপ। ডামাস্কাছৰ দৰে নগৰীয় অঞ্চলত ছিৰিয়ান ছুফীবাদৰ স্থিতি অতি শক্তিশালী, ই মঠৰ এক শৃংখলা আৰু আবিদ আল-ঘানি আল-নাবুলছি, ছৈয়দ হাৱা, আবিদ আল-ৰহমান আল-ছাঘূৰি, আৰু মুহম্মদ আল-য়াকুবিৰ দৰে লোকৰ সহযোগত জায়াদৰ দৰে ৰাজনৈতিক বিপ্লৱৰো প্ৰতিষ্ঠা কৰিছে।[10]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Albaath.news statement by the governor of Damascus, Syria Archived 2011-05-16 at the Wayback Machine সাঁচ:Ar icon, April 2010
  2. 2.0 2.1 Central Bureau of Statistics in Syria: Chapter 2: Population & Demographic Indicators Table 3: Estimates of Population actually living in Syria on 31 December 2011 by Mohafazat and six (in thousands)
  3. সাঁচ:Cite concrete
  4. Central Bureau of Statistics Syria Syria census 2004
  5. "دمشق عاصمة الثقافة العربية 2008". Damascus.org.sy. Archived from the original on 5 August 2011. https://web.archive.org/web/20110805132907/http://damascus.org.sy/। আহৰণ কৰা হৈছে: 27 December 2012. 
  6. "مجلس الإدارة و المجلس الاستشاري". Damascus.org.sy. 22 October 2007. Archived from the original on 11 May 2011. https://web.archive.org/web/20110511170247/http://damascus.org.sy/?d=298। আহৰণ কৰা হৈছে: 20 June 2010. 
  7. Flood, Finbarr Barry (2001). The Great Mosque of Damascus: studies on the makings of an Umayyad visual culture. 33. BRILL. পৃষ্ঠা. 12. ISBN 978-90-04-11638-2. https://books.google.com/?id=r5f8kxIyykQC&printsec=frontcover&q=। আহৰণ কৰা হৈছে: 26 November 2009. 
  8. Sbalchiero in: Laurentin/ Sbalchiero (2007), p. 1093-1097.
  9. "Syria's Alawites Under Siege". http://www.al-monitor.com/pulse/originals/2013/01/alawites-syria-siege-sunni-druze.html. 
  10. "Syrian Sufis Divided As Salafist Influence Grows". 3 October 2013. http://www.al-monitor.com/pulse/originals/2013/10/syria-sufi-salafi-war-islam.html#. 
{{bottomLinkPreText}} {{bottomLinkText}}
ডামাস্কাছ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?