For faster navigation, this Iframe is preloading the Wikiwand page for জেৰেমী লালৰিন্নুংগা.

জেৰেমী লালৰিন্নুংগা

জেৰেমী লালৰিন্নুংগা
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ২৬ অক্টোবৰ, ২০০২ (২১ বছৰ)
আইজল, মিজোৰাম, ভাৰত
বাসগৃহ মিজোৰাম, ভাৰত
জেৰেমী লালৰিন্নুংগা
আনুগত্য  ভাৰত
চাকৰি/শাখা  ভাৰতীয় সেনা
চাকৰিৰ কাৰ্যকাল ২০১৯ - বৰ্তমানলৈ
পদমৰ্যদা নাইব চুবেদাৰ
ইউনিট ১৭নং বেটেলিয়ান
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া ভাৰোত্তোলন
শিতান ৬২ কেজি
প্ৰশিক্ষক বিজয় শৰ্মা/জাৰজোকিমা
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
ব্যক্তিগত শ্ৰেষ্ঠ ২৯৯ কেজি

জেৰেমী লালৰিন্নুংগা এগৰাকী ভাৰতীয় ভাৰোত্তোলক।[1] তেওঁ ২০১৮ চনত আৰ্জেণ্টিনাৰ ৰাজধানী বুৱেনছ আইৰেছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন যুৱ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াত তেওঁ পুৰুষৰ ৬২ কেজি ভাৰোত্তোলন শাখাত সোণৰ পদক অৰ্জন কৰিছিল। ইয়াৰ লগতে যুৱ অলিম্পিকত সোণৰ পদক লাভ কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হ'ল। জেৰেমীয়ে এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিছিল।[2] ২০১৯ চনত থাইলেণ্ডৰ পটায়াত অনুষ্ঠিত বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ ৬৭ কিলোগ্ৰাম পুৰুষৰ শাখাত ২১তম স্থান লাভ কৰিছিল। জেৰেমীয়ে ২০২২ চনৰ কমনৱেল্‌থ গেম্‌ছত ৬৭ কেজি শাখাত, স্নেট্‌চত ১৪০ কিলোগ্ৰাম আৰু ক্লীন এণ্ড জাৰ্কত ১৬০ কিলোগ্ৰামৰ ভাৰ উত্তোলন কৰি অভিলেখ স্থাপন কৰাৰ লগতে সোণৰ পদক লাভ কৰিছিল।[3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

২০০২ চনৰ ২৬ অক্টোবৰত মিজোৰামআইজলত তেওঁ জন্মগ্ৰহণ কৰিছিল। নব্বৈৰ দশকৰ আৰম্ভণিতে তেওঁৰ পিতৃ লালনেইহটলুৱাংগা ৰালটে মিজোৰাম বক্সিং চাৰ্কিটত সুপৰিচিত আছিল। তেওঁৰ পিতৃয়ে পৰিয়ালৰ জীৱন-যাপনৰ প্ৰয়াসত চুবুৰীৰ লোক নিৰ্মাণ বিভাগৰ সৈতে চুক্তিবদ্ধভাৱে শ্ৰমিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।[4]

তেওঁলোকৰ পৰিয়ালত আৰু ৪জন ভাতৃ আছে। প্ৰথম অৱস্থাত ৮ বছৰ বয়সলৈকে জেৰেমীয়ে দেউতাকৰ পদাংক অনুসৰণ কৰি বক্সিঙৰ বাবে প্ৰচেষ্টা হাতত লৈছিল, কিন্তু আইজলৰ সেই একাডেমী বন্ধ হোৱাৰ পিছত তেওঁ ভাৰোত্তোলনত মনোনিৱেশ কৰে। প্ৰথম প্ৰশিক্ষক মালছাওমাৰ অধীনত তেওঁ বাঁহ আৰু পানীৰ পাইপেৰে ভাৰোত্তোলন আৰম্ভ কৰিছিল। ৮ মাহৰ প্ৰশিক্ষণৰ অন্তত তেওঁ পুনেৰ আৰ্মী স্প’ৰ্ট্‌ছ ইনষ্টিটিউটত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হয়। ইয়াত অতি ভাল ফলাফল প্ৰদৰ্শন কৰাৰ পিছত তেওঁক পাটিয়ালাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিবিৰৰ বাবে নিৰ্বাচিত কৰা হয়।[5]

কেৰিয়াৰৰ আৰম্ভণি

[সম্পাদনা কৰক]
২০১৮ চনৰ গ্ৰীষ্মকালীন যুৱ অলিম্পিকৰ ভাৰোত্তোলন প্ৰতিযোগিতাত পুৰুষৰ ৬২ কেজি শাখাত অংশগ্ৰহণ কৰা অৱস্থাত জেৰেমী।

প্ৰশিক্ষক জাৰ্জোকিমাৰ অধীনত এএছআই-ত প্ৰশিক্ষণ লৈ ২০১৬ চনত পাটনাৰ ছাব-জুনিয়ৰ প্ৰতিযোগিতাত ১৯৮ কেজি (৯০+১০৮, ক্লীন এণ্ড জাৰ্কত) ভাৰ উত্তোলন কৰি প্ৰথম ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি স্বৰ্ণ পদক লাভ কৰে। একে বছৰতে মালয়েছিয়াত অনুষ্ঠিত বিশ্ব যুৱ ভাৰোত্তোলন চেম্পিয়নশ্বিপত ২৩৫ কেজি ওজন তুলি ৰূপৰ পদক লাভ কৰে জেৰেমীয়ে। ২০২২ বৰ্ষৰ আৰম্ভণিতে উজবেকিস্তানত অনুষ্ঠিত এছিয়ান ইউথ এণ্ড জুনিয়ৰ চেম্পিয়নশ্বিপত তেওঁ যুৱ শাখাত ৰূপৰ পদক লাভ কৰিছিল। যুৱ অলিম্পিক ট্ৰায়েলত ২৭৩ কিলোগ্ৰাম ওজন তুলি জেৰেমীয়ে জুনিয়ৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়।

ভাৰতীয় সেনাবাহিনী

[সম্পাদনা কৰক]

লালৰিন্নুংগাই ২০১৯ চনৰ মে' মাহত ব্ৰিগেড অৱ দ্য গাৰ্ডৰ ১৭ নং বেটেলিয়নত নাইব চুবেদাৰ হিচাপে ভাৰতীয় সেনাবাহিনীত যোগদান কৰে।[6]

মুখ্য ফলাফল

[সম্পাদনা কৰক]
বৰ্ষ স্থান ওজন স্নেট্‌চ (কি:গ্ৰা:) ক্লীন এণ্ড জাৰ্ক (কি:গ্ৰা:) মুঠ ৰেংক
ৰেংক ৰেংক
যুৱ অলিম্পিক গেম্‌ছ
২০১৮ আৰ্জেণ্টিনা বুৱেনছ আইৰেছ, আৰ্জেণ্টিনা ৬২ কি:গ্ৰা: ১২০ ১২৪ ১২৪ ১২৪ ১৪৭ ১৫০ ২৭৪ 1
কমনৱেল্‌থ গেম্‌ছ
২০২২ ইংলেণ্ড বাৰ্মিংহাম, ইংলেণ্ড ৬৭ কি:গ্ৰা: ১৩৬ ১৪০ GR ১৪৩ ১৫৪ ১৬০ ১৬৫ ৩০০ GR 1


তথ্য উৎস

[সম্পাদনা কৰক]
  1. Siwach, Vinay. "India's first Youth Olympics gold medallist Lalrinnunga on why he chose weightlifting". scroll.in. https://scroll.in/field/897694/indias-first-youth-olympics-gold-medallist-lalrinnunga-on-why-he-chose-weightlifting. 
  2. "Youth Olympics: Mizo boy Jeremy Lalrinnunga is Ironman at 15 - Times of India". indiatimes.com. https://timesofindia.indiatimes.com/sports/more-sports/others/youth-olympics-mizo-boy-jeremy-lalrinnunga-is-ironman-at-15/articleshow/66143230.cms. 
  3. "CWG 2022: Weightlifter Jeremy Lalrinnunga Wins Gold In Men's 67kg Final | Commonwealth Games News" (en ভাষাত). NDTVSports.com. https://sports.ndtv.com/commonwealth-games-2022/cwg-2022-weightlifter-jeremy-lalrinnunga-wins-gold-in-mens-67kg-final-3210849। আহৰণ কৰা হৈছে: 2022-07-31. 
  4. "Who is Jeremy Lalrinnunga? All about 19-year-old Who is Jeremy Lalrinnunga at CWG 2022" (en ভাষাত). Jagran TV. https://www.jagrantv.com/en-show/jeremy-lalrinnunga-biography-age-coach-family-achievements-early-life-career-and-more-rc1033818. 
  5. "Mizo boy Jeremy is a Ironman". India times. https://timesofindia.indiatimes.com/sports/more-sports/others/youth-olympics-mizo-boy-jeremy-lalrinnunga-is-ironman-at-15/articleshow/66143230.cms। আহৰণ কৰা হৈছে: 12 August 2022. 
  6. "Jeremy Lalrinnunga’s CWG Gold: Birmingham win brings cheer to Army Sports Institute in Pune" (en ভাষাত). The Indian Express. 2022-08-01. https://indianexpress.com/article/sports/commonwealth-games/jeremy-lalrinnungas-cwg-gold-birmingham-win-brings-cheer-to-army-sports-institute-in-pune-8062905/। আহৰণ কৰা হৈছে: 2022-08-10. 
{{bottomLinkPreText}} {{bottomLinkText}}
জেৰেমী লালৰিন্নুংগা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?