For faster navigation, this Iframe is preloading the Wikiwand page for ছান মেৰিনোৰ নাৰী.

ছান মেৰিনোৰ নাৰী

ছান মেৰিনো ৰিপাব্লিকৰ মহিলা বিদেশ সচিব এণ্টনেলা মুলাৰোনি।

ছান মেৰিনোৰ নাৰী (ইংৰাজী: Women of San Marino) ৰ জৰিয়তে সাধাৰণতে ইউৰোপীয় মহিলাকে বুজোৱা হয়, যিসকল মহিলাই ছান মেৰিনো ৰিপাব্লিকত বাস কৰে অথবা তেওঁলোক ইয়াৰ পৰা আহিছে। বৰ্তমান ছান মেৰিনোত পুৰুষৰ সৈতে প্ৰায় সকলো সামাজিক আৰু ৰাজনৈতিক অধিকাৰেই সামাৰিনিজ মহিলাসকলৰ লগত বিভক্ত।[1]পৰম্পৰা অনুসৰি চতুৰ্থ শতিকাৰ আৰম্ভণিতে ধৰ্মীয় নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ ওচৰৰ ৰিমিনি চহৰৰ পৰা পলায়ন কৰা আদিম খ্ৰীষ্টান চেণ্ট মেৰিনাছে ছান মেৰিনো দেশখন প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ আগমনৰ কিছু সময়ৰ পিছতে ছান মেৰিনো চহৰ প্ৰতিষ্ঠা কৰা হয়। ১৯ শতিকাৰ শেষৰ ফালে নিৰ্মাণ কৰা পালাজ্জো পাব্লিকোৰ ব্যাপক সংস্কাৰ কৰা হয় আৰু ১৯৯৬ চনত এই সংস্কাৰকৰণ সমাপ্ত হয়। ছান মেৰিনো চহৰত উদ্যোগৰ সংখ্যা বৰ বেছি নহয়। ইয়াৰ মূল অৰ্থনৈতিক ভিত্তি হৈছে পৰ্যটন।[2]

ছান মেৰিনোত ২০১৭ চনলৈকে ১৫–১৯ বছৰ বয়সৰ প্ৰতি ১০০০ মহিলাৰ ভিতৰত কিশোৰ-কিশোৰীৰ জন্মৰ হাৰ ১.৪। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহলৈকে সংসদৰ ৩৩.৩% আসন মহিলাৰ হাতত আছিল। ২০২০ চনৰ ডিচেম্বৰ মাহলৈকে লিংগ দৃষ্টিকোণৰ পৰা SDGসমূহ(বহনক্ষম উন্নয়নৰ লক্ষ্য, Sustainable Development Goals) নিৰীক্ষণ কৰিবলৈ প্ৰয়োজনীয় সূচকসমূহৰ মাত্ৰ ১১.৪%হে উপলব্ধ আছিল। মহিলাৰ বিৰুদ্ধে হিংসা, বিনা বেতনে যত্ন আৰু ঘৰুৱা কাম আৰু শ্ৰম বজাৰৰ মূল সূচকসমূহ, যেনে লিংগৰ দৰমহাৰ ব্যৱধানৰ ক্ষেত্ৰত ব্যৱধান আছিল। ইয়াৰ উপৰিও লিংগ আৰু দৰিদ্ৰতা, শাৰীৰিক আৰু যৌন নিৰ্যাতন, মহিলাৰ সম্পত্তিৰ সুবিধা (ভূমিকে ধৰি), আৰু লিংগ আৰু পৰিৱেশৰ দৰে বহু ক্ষেত্ৰত – পুনৰ নিৰীক্ষণৰ বাবে তুলনামূলক পদ্ধতিৰ অভাৱ। এই লিংগ তথ্যৰ ব্যৱধানসমূহ বন্ধ কৰাটো ছান মেৰিনোত লিংগ সম্পৰ্কীয় এছডিজি প্ৰতিশ্ৰুতিসমূহ লাভৰ বাবে অতি প্ৰয়োজনীয়।[3]

ৰাজনৈতিক অধিকাৰ

[সম্পাদনা কৰক]

১৯৫৭ চনত ফাট্টি ডি ৰ’ভেৰেটা নামেৰে জনাজাত সাংবিধানিক সংকটৰ পিছত ছান মেৰিনোত মহিলাৰ ভোটাধিকাৰ প্ৰৱৰ্তন কৰা হয়। ১৯৬০ চনত ছামাৰিন মহিলাসকলে ভোটাধিকাৰ লাভ কৰে। ১৯৭৩ চনত তেওঁলোকে ৰাজনৈতিক পদবী গ্ৰহণ কৰাৰ অধিকাৰ লাভ কৰে।[[4][1]

নাগৰিকত্বৰ অধিকাৰ

[সম্পাদনা কৰক]

একবিংশ শতিকাৰ আগতে নাগৰিকত্ব আইনত মহিলাৰ বিৰুদ্ধে যথেষ্ট বৈষম্য আছিল। ১৯৮২ চনৰ গণভোটত ছান মেৰিনোৰ মহিলাসকলে পুৰুষ বিদেশীক বিয়া কৰালে তেওঁলোকৰ ছামাৰিনীয়া নাগৰিকত্ব বৰ্তাই ৰখাৰ অধিকাৰ লাভ কৰা নাছিল (১৯,০০০ ছামাৰিনজ ভোটাৰে ১৯২৮ চনৰ আইনখন বিলুপ্ত নকৰিবলৈ ভোট দিছিল যিয়ে ছামাৰিনজ মহিলাসকলক বিদেশীক বিয়া কৰালে ছামাৰিনজ নাগৰিকত্বৰ সীমা বাতিল কৰা হৈছিল)৷ ছামাৰিনৰ নাগৰিকত্ব হেৰুৱাৰ ফলত মহিলাসকলে ছান মেৰিনো ৰিপাব্লিকত ভোটদান, কাম কৰা, সম্পত্তিৰ মালিকীস্বত্ব, বাস কৰা আৰু সম্পত্তিৰ উত্তৰাধিকাৰী হোৱাৰ অধিকাৰো হেৰুৱাই পেলায়।[5] এই আইনবোৰ পিছলৈ সলনি কৰা হ’ল৷ ২০০০ চনত সংসদে পূৰ্বৰ নাগৰিকত্ব আইন বিলুপ্ত কৰি নতুন নাগৰিকত্ব আইন প্ৰণয়ন কৰে, যাৰ অধীনত বিদেশীক বিয়া কৰাই দিয়া মহিলাই স্বামী বা সন্তানলৈ নাগৰিকত্ব প্ৰেৰণ কৰিব নোৱাৰে৷[6]

নাৰীৰ ওপৰত হোৱা হিংসা

[সম্পাদনা কৰক]

ছান মেৰিনোৱে ২০০৮ চনৰ ২০ জুন তাৰিখে মহিলাৰ বিৰুদ্ধে হিংসা প্ৰতিৰোধ আৰু দমন আৰু লিংগ হিংসাৰ আইন নং ৯৭ গৃহীত কৰে।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Arnold, M. Cameron. "San Marino". Advameg, Inc.. http://www.everyculture.com/No-Sa/San-Marino.html। আহৰণ কৰা হৈছে: 26 October 2013. 
  2. "San Marino". Britannica. https://www.britannica.com/place/San-Marino-city। আহৰণ কৰা হৈছে: 4 April 2023. 
  3. "San Marino". United Nations. https://data.unwomen.org/country/san-marino। আহৰণ কৰা হৈছে: 5 April 2023. 
  4. "A World Chronology of the Recognition of Women's Rights to Vote and to Stand for Election". http://archive.ipu.org/wmn-e/suffrage.htm। আহৰণ কৰা হৈছে: 5 August 2020. 
  5. edited by Anne Shutt, CS Monitor Correspondents (27 July 1982). "Women lose ballot battle in republic of San Marino". The Christian Science Monitor. http://www.csmonitor.com/1982/0727/072717.html। আহৰণ কৰা হৈছে: 26 October 2013. 
  6. United States Department of State
  7. "Segreteria Esteri". http://www.esteri.sm/on-line/en/home/documentation/chairmanship-of-the-committee-of-ministers-of-the-council-of-europe/council-of-europe---initiatives-during-the-chairmanship/documento1000875.html.. 
{{bottomLinkPreText}} {{bottomLinkText}}
ছান মেৰিনোৰ নাৰী
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?