For faster navigation, this Iframe is preloading the Wikiwand page for গৌৰী সাৱন্ত.

গৌৰী সাৱন্ত

গৌৰী সাৱন্ত
জন্ম গণেশ সাৱন্ত
পুনে, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ট্ৰান্সজেণ্ডাৰ অধিকাৰকৰ্মী
ধৰ্ম হিন্দু ধৰ্ম


গৌৰী সাৱন্ত (ইংৰাজী: Gauri Sawant) ভাৰতৰ মুম্বাইৰ এজন ট্ৰান্সজেণ্ডাৰ অধিকাৰকৰ্মী।[1] তেওঁ 'সখী চাৰ চৌঘি' নামৰ বেচৰকাৰী সংগঠনৰ পৰিচালক। এই সংগঠনে ট্ৰান্সজেণ্ডাৰ ব্যক্তি আৰু এইচআইভি/এইডছত আক্ৰান্ত লোকসকলক সহায় কৰে।[2] তেওঁক ভিক্সৰ এটা বিজ্ঞাপনত প্ৰদৰ্শিত কৰা হৈছিল।[3][4][5] তেওঁক মহাৰাষ্ট্ৰৰ নিৰ্বাচন আয়োগৰ শুভেচ্ছা দূত হিচাপে নিযুক্ত কৰা হৈছিল।[6]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

মহাৰাষ্ট্ৰৰ পুনেত গৌৰী সাৱন্তৰ গণেশ সাৱন্ত হিচাপে জন্ম হৈছিল। তেওঁ পুনেত ডাঙৰ দীঘল হৈছিল। তেওঁৰ পাঁচ বছৰ বয়সত মাকৰ মৃত্যু হৈছিল আৰু তেওঁৰ আইতাই তেওঁক ডাঙৰ-দীঘল কৰিছিল। তাইৰ দেউতাক এজন আৰক্ষী বিষয়া। তেওঁ ১৮ বছৰ বয়সত নিজৰ ঘৰ এৰিছিল কিয়নো তেওঁ দেউতাকৰ বাবে হতাশাৰ কাৰণ হ'ব নিবিচাৰিছিল।[7]

সক্ৰিয়তা

[সম্পাদনা কৰক]

গৌৰীয়ে ২০০০ চনত 'সখী চাৰ চৌঘি ট্ৰাষ্ট' প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ এই বেচৰকাৰী সংগঠনে সুৰক্ষিত যৌন সম্পৰ্কৰ প্ৰচাৰ কৰে আৰু ট্ৰান্সজেণ্ডাৰ লোকসকলক পৰামৰ্শ প্ৰদান কৰে। [7] ২০১৪ চনত তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ত ট্ৰান্সজেণ্ডাৰ লোকসকলৰ দত্তক সন্তান গ্ৰহণৰ অধিকাৰৰ বাবে আবেদন দাখিল কৰা প্ৰথম ট্ৰান্সজেণ্ডাৰ ব্যক্তি হিচাপে পৰিগণিত হয়।[8] তেওঁ ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ (এনএএলএছএ) গোচৰৰ আবেদনকাৰী আছিল আৰু এই গোচৰত উচ্চতম ন্যায়ালয়ে ট্ৰান্সজেণ্ডাৰক তৃতীয় লিংগ হিচাপে স্বীকৃতি দিছিল।[1] গৌৰীয়ে ২০০৮ চনত গায়ত্ৰীৰ মাতৃৰ এইডছত মৃত্যু হোৱাৰ পিছত গায়ত্ৰী নামৰ এজনী ছোৱালী তুলি লৈছিল।[8][9][7][10]

২০১৭ চনৰ আগষ্ট মাহত তেওঁ 'সাই চাভলি' নামৰ বেচৰকাৰী সংগঠন গঠন কৰিছিল। এই সংগঠনে সমাজৰ অভাৱগ্ৰস্ত লোক যেনে ট্ৰান্সজেণ্ডাৰ, অনাথ শিশু, পৰিত্যক্ত মহিলা আৰু বৃদ্ধ বয়সৰ লোকসকলক সহায় কৰে।

ব্যক্তিগত জীৱন আৰু পৰিয়াল

[সম্পাদনা কৰক]

গৌৰীৰ এজনী দত্তক কন্যা আছে। তেওঁৰ কন্যা গায়ত্ৰীক তেওঁ ৪ বছৰ বয়সত তুলি লৈছিল। গৌৰীয়ে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ তেওঁৰ জৈৱিক মাতৃ এগৰাকী যৌন কৰ্মী আছিল। তেওঁৰ মাতৃৰ এইডছৰ ফলত মৃত্যুবৰণ কৰিছিল যৌন সৰবৰাহ উদ্যোগত বিক্ৰী কৰাৰ পৰা বচাবলৈ গৌৰীয়ে গায়ত্ৰীক তুলি লৈছিল।[11]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

গৌৰী সাৱন্তে ২০২১ চনত ডঃ এ পি জে আব্দুল কালাম ভাৰত পুৰস্কাৰ লাভ কৰিছিল। ২০১৭ চনত তেওঁ আই এম ৱমেন বঁটা লাভ কৰিছিল।

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]

২০১৭ চনত গৌৰীক ভিক্সৰ এটা বিজ্ঞাপনত তেওঁক প্ৰদৰ্শিত কৰা হৈছিল। বিজ্ঞাপনটো ভিক্সৰ 'টাচ অফ কেয়াৰ' অভিযানৰ অংশ আছিল আৰু ইয়াত গৌৰী আৰু তেওঁৰ দত্তক কন্যাৰ কাহিনী দেখুৱাইছিল।[3]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Gauri Sawant- How I became a Mother - Mumbai Mirror -". Mumbai Mirror. https://mumbaimirror.indiatimes.com/mumbai/other/gauri-sawant-how-i-became-a-mother/articleshow/57995471.cms. 
  2. "Here Is The Real Life Story Of Transgender Activist Gauri Sawant Of Groundbreaking Vicks Ad" (en-US ভাষাত). The Indian Feed. 2017-04-01. Archived from the original on 2018-04-21. https://web.archive.org/web/20180421232302/https://www.theindianfeed.in/vicks-ad-gauri-sawant/. 
  3. 3.0 3.1 "How Activism, Adoption and an Ad Changed a Trans Woman's Life - The Wire". The Wire. https://thewire.in/gender/trans-woman-adoption-vicks-ad। আহৰণ কৰা হৈছে: 2018-04-21. 
  4. "The story of Gauri Sawant - A transgender mother". www.timesnownews.com. https://www.timesnownews.com/amp/mirror-now/in-focus/article/the-story-of-gauri-sawant-a-transgender-mother/170134. 
  5. "If something happens to me, I don't want her to return to the streets: Gauri Sawant". 9 April 2017. http://www.dnaindia.com/lifestyle/interview-if-something-happens-to-me-i-don-t-want-her-to-return-to-the-streets-gauri-sawant-2389451. 
  6. "Maharashtra Transgender Activist Becomes Poll Panel's Goodwill Ambassador". NDTV.com. 2019-03-20. https://www.ndtv.com/india-news/gauri-sawant-maharashtra-transgender-activist-becomes-election-commission-goodwill-ambassador-2010600। আহৰণ কৰা হৈছে: 2019-03-21. 
  7. 7.0 7.1 7.2 "Against All Odds: Activist Gauri Sawant Has Been Fighting For Transgender Rights All Her Life" (en-US ভাষাত). The Logical Indian. 2017-05-30. https://thelogicalindian.com/my-social-responsibility/gauri-sawant-transgender-activist/. 
  8. 8.0 8.1 "How two mothers came to embrace and accept LGBTQI" (en-US ভাষাত). The Indian Express. 2017-05-14. http://indianexpress.com/article/lifestyle/life-style/gauri-sawant-mothers-day-lgbtq-4650587/. 
  9. "The mother who has won India's heart". Rediff. http://www.rediff.com/getahead/interview/the-transgender-who-has-won-indias-heart/20170413.htm. 
  10. "Social activist Gauri Sawant to build a foster home for sex workers' children" (en ভাষাত). Mumbai Live. https://www.mumbailive.com/en/society/transgender-gauri-sawant-starts-ajicha-ghar-for-girl-child-of-sex-workers-in-kamathipura-21411. 
  11. YouTube- Gauri Suresh Sawant interview, TedX
{{bottomLinkPreText}} {{bottomLinkText}}
গৌৰী সাৱন্ত
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?