For faster navigation, this Iframe is preloading the Wikiwand page for গোৱালপাৰীয়া উপভাষা.

গোৱালপাৰীয়া উপভাষা

গোৱালপৰীয়া উপভাষা
উচ্চাৰণ Goālpāriya[1]
থলুৱা অঞ্চল ভাৰত
অঞ্চল পশ্চিম অঞ্চল
জাতীয়তা গোৱালপৰীয়া
ভাষা পৰিয়াল
ইণ্ডো-ইউৰোপীয় ভাষা
উপভাষা
  • পশ্চিম গোৱালপাৰীয়া
  • পূব গোৱালপাৰীয়া
লিখন প্ৰণালী অসমীয়া বৰ্ণমালা
ভাষা সংকেত
ISO 639-3
গ্লোটোলগ নাই

গোৱালপৰীয়া উপভাষা বা গোৱালপৰীয়া অসমৰ অবিভক্ত গোৱালপাৰা জিলাত বহুলভাৱে প্ৰচলিত অসমীয়া ভাষাৰ উপভাষা। পশ্চিম অসমত প্ৰচলিত অসমীয়াৰ দুই উপভাষাৰ ভিতৰত গোৱালপৰীয়া অন্যতম। আনটো উপভাষা হৈছে কামৰূপী উপভাষা বা কামৰূপীয়া। গোৱালপৰীয়া ভাষা অঞ্চলৰ পশ্চিমত উত্তৰ বংগীয় উপভাষা অঞ্চল আৰু ইয়াৰ আশে-পাশে তিব্বত-বৰ্মী ভাষাৰ সম্প্ৰদায় আছে। বিভিন্ন আঞ্চলিক ভাষাৰ শব্দ সংমিশ্ৰণ গোৱালপৰীয়া উপভাষাৰ অন্যতম বৈশিষ্ট্য।[2][3] এই ভাষা কোৱা মানুহৰ আনুমানিক সংখ্যা প্ৰায় ২০ লাখ।[4]

গোৱালপৰীয়া লোকগীতৰ বিখ্যাত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱায়ে গোৱালপাৰীয়া ভাষাক ৰাষ্ট্ৰীয় দৰবাৰত চিনাকি দিছিল।

গংগা নদীৰ উত্তৰ ফালৰ অঞ্চল সমূহত পূব মগধী প্ৰাকৃত ভাষাৰ পৰা ৰাঢ়ী,ৱাৰেন্দ্ৰী, কামৰূপী আৰু বংগ ভাষাৰ উৎপত্তি হৈছিল। কামৰূপ অঞ্চলত প্ৰচলিত ভাৰতীয়-আৰ্য ঠাঁলৰ কামৰূপী ভাষাৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ গোৱালপৰীয়া আদি ভাষা আৰু উত্তৰ বংগৰ কোচ ৰাজবংশী ভাষাৰ উৎপত্তি হৈছিল।

শ্ৰেণীবিভাজন

[সম্পাদনা কৰক]

গোৱালপৰীয়া উপভাষাক তিনিটা গোটত শ্ৰেণী বিভাজন কৰা হয়। এই তিনিটা হ'ল;

  1. পূৰ্বীয়,
  2. মধ্যমীয়া, আৰু
  3. পশ্চিমীয়া।[5]

অসমৰ ভাষাবিদ সকলে এই তিনিটা উপভাষাক অসমীয়া ভাষাৰ উপভাষা হিচাপে উল্লেখ কৰে। কিন্তু বাংলা ভাষাবিদ চেটাৰ্জীয়ে (১৯২৬) পশ্চিম গোৱালপৰীয়া উপভাষাক উত্তৰ বংগৰ উপভাষা সমূহৰ লগত আৰু বাকী দুটা গোটক কমতাপুৰী ভাষাৰ উপভাষা হিচাপে উল্লেখ কৰে।

বীৰেন্দ্ৰনাথ দত্তয়ে গোৱালপৰীয়া উপভাষাক তিনিটা মুখ্য ভাগত বিভক্ত কৰিছে। পূব গোৱালপৰীয়াক অভয়াপুৰী আৰু গোৱালপাৰা চহৰত প্ৰচলিত আৰু কৃষ্ণাই, দুধনৈ , ধূপধৰা অঞ্চলৰ ভাষা হিচাপে দুটা শাখাত ভাগ কৰিছে। স্থানীয়ভাৱে এই অঞ্চলৰ ভাষাসমূহক হাব্ৰাঘাটীয়া, বাউসীয়া, নামদানীয়া আৰু বাৰাহাজাৰী হিচাপে জনা যায়।[6] পশ্চিম গোৱালপৰীয়াক গৌৰীপুৰ অঞ্চল (স্থানীয়ভাৱে ঘূলীয়া) আৰু চালকোচা অঞ্চলৰ আশে-পাশে প্ৰচলিত ভাষা এই দুই শাখাত ভাগ কৰিছে। চালকোচাৰ ভাষাক তেওঁ মধ্যমীয়া গোৱালপৰীয়া হিচাপে উল্লেখ কৰিছে।[7]

গোৱালপাৰা অঞ্চল

[সম্পাদনা কৰক]

ব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিম অংশত গোৱালপাৰা অঞ্চলত গোৱালপৰীয়া উপভাষা প্ৰচলিত। প্ৰাচীন কালত এই অঞ্চল কামৰূপ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। কামৰূপ ৰাজ্যৰ ৰত্নপীঠত গোৱালপাৰা অঞ্চল আছিল।[8] পিছলৈ এই অঞ্চল কমতা ৰাজ্য আৰু তাৰপিছত কোচ হাজোৰ অন্তৰ্ভুক্ত আছিল। ৰজা ৰঘুদেৱ আৰু পৰীক্ষিত নাৰায়ণৰ ৰাজত্বকালত গোৱালপাৰা অঞ্চল ১৫৮১ চনৰ পৰা ১৬১৫ চনলৈ মোগলৰ অধীন আছিল। ১৮শ শতিকাত ব্ৰিটিছ সকলে এই অঞ্চল বংগৰ পৰা দিৱানী হিচাপে লাভ কৰিছিল আৰু ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত এই অঞ্চল ঔপনিবেশিক অসমৰ অন্তৰ্ভুক্ত হয়। বৰ্তমান এই অঞ্চল অসমৰ গোৱালপাৰা জিলাত অৱস্থিত।

গোৱালপৰীয়া লোকগীত

[সম্পাদনা কৰক]

গোৱালপৰীয়া লোকগীত অসমৰ প্ৰধান দুবিধ লোকগীতৰ ভিতৰত অন্যতম। গোৱালপাৰা অঞ্চলত অতীজৰে পৰা এইবিধ গীতৰ চৰ্চা চলি আহিছে। গোৱালপৰীয়া গীতৰ বিখ্যাত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰচেষ্টাত এই গীতে ৰাষ্ট্ৰীয় দৰবাৰত চিনাকি পাইছিল। গোৱালপৰীয়া লোকগীত ইয়াৰ সূকীয়া ভাষা (কথিত গোৱালপৰীয়া ভাষা), সুৰ, জন-জীৱনৰ দৃশ্য আৰু বাদ্যযন্ত্ৰৰ বাবে বিখ্যাত। বৰ্তমানে বাণিজ্যিকভাৱে গোৱালপৰীয়া লোকগীতৰ এলবাম মুক্তি দিয়া হয়।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "1970, English, Thesis edition:A study on Kāmrūpī : a dialect of Assamese.Goswami, Upendranath.". trove.nla.gov.au. http://trove.nla.gov.au/work/9087859?selectedversion=NBD1507246। আহৰণ কৰা হৈছে: 22 February 2017. 
  2. Legacy, to cherish & preserve, by Nikhilesh Barua (2005), The Telegraph, India
  3. Asom Abhidhan, Banalata, S. K. Baruah (2002), Guwahati, Assam
  4. Saikia, Arunabh. "‘We don’t want to be identified on the basis of our religion,’ say Assam’s indigenous Desi Muslims" (en-US ভাষাত). Scroll.in. https://scroll.in/article/864299/we-dont-want-to-be-identified-in-the-name-of-our-religion-say-assams-indigenous-desi-muslims। আহৰণ কৰা হৈছে: 2019-09-03. 
  5. (Dutta 2003, পৃষ্ঠা 103–104)
  6. (Dutta 1995, পৃষ্ঠা 285)
  7. (Dutta 1995, পৃষ্ঠা 289)
  8. Birendranatha Datta (1995), Folk Culture of the Goalpara Region, p.p. 5-7
{{bottomLinkPreText}} {{bottomLinkText}}
গোৱালপাৰীয়া উপভাষা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?