For faster navigation, this Iframe is preloading the Wikiwand page for গান্ধী শান্তি বঁটা.

গান্ধী শান্তি বঁটা

গান্ধী শান্তি বঁটা (ইংৰাজী: Gandhi Peace Award) হৈছে বছৰি প্ৰদান কৰা এক বঁটা আৰু নগদ পুৰস্কাৰ।এই বঁটা আন্তৰ্জাতিক শান্তি আৰু সদিচ্ছাৰ প্ৰচাৰত আগবঢ়োৱা অৱদানৰ বাবে ব্যক্তিসকলক প্ৰদান কৰা হয়। এই পুৰস্কাৰটো ১৯৬০ চনৰ পৰা প্ৰমোটিং এণ্ডুৰিং পিছ নামৰ সংস্থাৰ(আমেৰিকাৰ এক শান্তি পোষকতা সংস্থা) ফালৰ পৰা প্ৰতি বছৰে আমেৰিকাৰ কনেক্টিকাট ৰাজ্যত প্ৰদান কৰা হয়। [1] এই বঁটা মোহনদাস কৰমচান্দ গান্ধীৰ সন্মানত নামাকৰণ কৰা হৈছে [2]যদিও গান্ধী বা গান্ধীৰ পৰিয়ালৰ কোনো সদস্যৰ সৈতে অনুষ্ঠানৰ বঁটা প্ৰদানৰ কোনো ব্যক্তিগত সম্পৰ্ক নাই। ১৯৬০ চনত যেতিয়া প্ৰথমটো বঁটা এলিন’ৰ ৰুজভেল্টে গ্ৰহণ কৰিছিল, তেতিয়াৰ পৰাই এই বঁটা "শান্তি নায়কসকল"ক ব্যক্তিগতভাৱে প্ৰদান কৰা হয় যিয়ে নিম্নলিখিত ক্ষেত্ৰত স্থায়ী শান্তি ৰক্ষাৰ উদাহৰণ দেখুৱায়: অপব্যৱহাৰকাৰী ক্ষমতা, সশস্ত্ৰ সংঘাত, অহিংসা আৰু পৰিৱেশৰ অৱহেলাৰ বিৰুদ্ধে যুঁজ। গান্ধী শান্তি বঁটাৰ লক্ষ্য হৈছে এনে ব্যক্তিক পুৰস্কৃত কৰা, যিয়ে গান্ধীৰ মনোভাৱেৰে সহযোগিতামূলক আৰু অহিংস পদ্ধতি ব্যৱহাৰ কৰি, স্থায়ী আন্তৰ্জাতিক শান্তি আৰু বিশ্ব সভ্যতা প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাৰ দিশত যথেষ্ট অৱদান আগবঢ়ায়। একবিংশ শতিকাত এই বঁটা বিশেষকৈ ইয়াৰ উপস্থাপকসকলৰ দ্বাৰা তেওঁলোকক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে যাৰ জীৱন আৰু কামে এই নীতি প্ৰদৰ্শন কৰে যে আন্তৰ্জাতিক শান্তি, সাৰ্বজনীন আৰ্থসামাজিক ন্যায়, আৰু গ্ৰহীয় পৰিৱেশসম্প্ৰীতি পৰস্পৰনিৰ্ভৰশীল।

শেহতীয়া বঁটা বিজয়ীসকলৰ ভিতৰত আছে ৰাব্বিছ আৰিক আশ্চাৰমেন আৰু ৰাব্বিৰ এহুদ বান্দেল, মানৱ অধিকাৰৰ বাবে (২০১১), এমি গুডমেন অফ ডেমক্ৰেচী নাও! (২০১২), বিল মেককিবেন (২০১৩), কোড পিংকৰ মেডিয়া বেঞ্জামিন (২০১৪), টম বি কে গোল্ডটুথ (২০১৫), ভইচেছ ফৰ ক্ৰিয়েটিভ ননভায়োলেন্স (২০১৫), ওমৰ বৰঘৌটি (২০১৭), ৰাল্ফ নাডাৰ (২০১৭), আৰু ব্ৰাউন জেকচন (২০১৮)।

গান্ধী শান্তি বঁটাৰ পৰিকল্পনা কৰিছিল প্ৰমোটিং এণ্ডুৰিং পিছৰ প্ৰতিষ্ঠাপক য়েল বিশ্ববিদ্যালয়ৰ অধ্যাপক জেৰম ডেভিছে। ডেভিছে প্ৰথমবাৰৰ বাবে ১৯৫৯ চনৰ ১৩ মাৰ্চত প্ৰমোটিং এণ্ডুৰিং পিছৰ বৰ্ডক এই বঁটাৰ প্ৰস্তাৱ আগবঢ়ায়। এই নামটোৰ উদ্দেশ্য আছিল আধুনিক যুগৰ অহিংস প্ৰতিৰোধৰ অগ্ৰণী সমৰ্থকজনক শ্ৰদ্ধাঞ্জলি জনোৱা। ১৯৫৯ চনৰ ১৩ মাৰ্চত জেৰম ডেভিছে আনুষ্ঠানিকভাৱে প্ৰস্তাৱ দিছিল যে "আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সদিচ্ছাৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে" বছৰি বঁটা প্ৰদান কৰা হ'ব।[3] ইয়াত এখন প্ৰমাণপত্ৰ, এটা আনুষ্ঠানিক স্বীকৃতি আৰু গান্ধীৰ উদ্ধৃতিৰে লিখা ব্ৰঞ্জৰ পদক প্ৰদান কৰা হয়। উদ্ধৃতিটো হ'ল "লাভ এভাৰ ছাফাৰছ / নেভাৰ ৰিভেঞ্জছ ইটছেল্ফ।"

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Cortright, D. (1997). Gandhi's influence on the US peace movement. International Studies, 34(3), 359-375.
  2. "Gandhi Peace Award". pepeace.org. http://pepeace.org/gandhi-peace-award। আহৰণ কৰা হৈছে: 18 November 2010. 
  3. van den Dungen, P. (2002). Honouring Gandhi and Gandhians. Meditations on Gandhi: A Ravindra Varma Festschrift, 19, 76.
{{bottomLinkPreText}} {{bottomLinkText}}
গান্ধী শান্তি বঁটা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?