For faster navigation, this Iframe is preloading the Wikiwand page for ঐশ্বৰ্যা ৰায়.

ঐশ্বৰ্যা ৰায়

ঐশ্বৰ্যা ৰায় বচ্চন

২০১৭ কেনছ্ চলচ্চিত্ৰ মহোৎসৱত ঐশ্বৰ্যা
জন্ম ঐশ্বৰ্যা ৰায়
১ নৱেম্বৰ, ১৯৭৩ (৫০ বছৰ)
মাঙ্গালোৰ, কৰ্ণাটক, ভাৰত
শিক্ষানুষ্ঠান মুম্বাই বিশ্ববিদ্যালয়
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ১৯৯১-বৰ্তমানলৈ
পদবী মিচ ৱৰ্ল্ড ১৯৯৪
দাম্পত্যসঙ্গী অভিষেক বচ্চন (বি. ২০০৭)
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি ফিল্মফেয়াৰ বঁটা
পদ্মশ্ৰী
স্বাক্ষৰ

ঐশ্বৰ্যা ৰায় (ইংৰাজী: Aishwarya Rai Bachchan ; জন্ম ১ নবেম্বৰ ১৯৭৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ১৯৯৪ চনৰ মিচ ৱৰ্ল্ড। অভিনয় জীৱনৰ বৃহৎ সাফল্যই তেওঁক ভাৰতবৰ্ষৰ এগৰাকী অতি জনপ্ৰিয় আৰু প্ৰভাৱশালী শিল্পীৰূপে প্ৰতিষ্ঠা দিছে।[1] দুটাকৈ ফিল্মফেয়াৰ বঁটাৰ উপৰিও ২০০৯ চনত তেওঁ ভাৰতৰ চতুৰ্থ অসামৰিক বঁটা পদ্মশ্ৰী লাভ কৰিছে। ইয়াৰোপৰি ২০১২ চনত ফৰাচী চৰকাৰে Ordre des Arts et des Lettres-এৰে সন্মানিত কৰিছে। প্ৰচাৰ মাধ্যমত প্ৰায়ে তেওঁৰ পৃথিৱীৰ সৰ্বাধিক সুন্দৰী মহিলাগৰাকী বুলি উল্লেখ কৰা হয়।[2][3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৭৩ চনৰ ১ নবেম্বৰত কৰ্ণাটকৰ মাঙ্গালোৰত এটা তুলুভাষী পৰিয়ালত ঐশ্বৰ্যাৰ জন্ম হৈছিল।[4][5][6] তেওঁৰ দেউতাক আছিল কৃষ্ণৰাজ, যাৰ ২০১৭ৰ ১৮ মাৰ্চত মৃত্যু হৈছিল।[7] দেউতাক সেনাবাহিনীৰ এজন জীৱবিদ আছিল। মাক বৃন্দা এগৰাকী গৃহিণী।[8] তেওঁৰ ককায়েক এজন নৌবাহিনীৰ অভিযন্তা। পৰিয়ালটো মাঙ্গালোৰৰ পৰা মুম্বাইলৈ গুছি আহিছিল আৰু তাতে আৰ্য বিদ্যা মন্দিৰত তেওঁ পঢ়া-শুনা কৰিছিল।[8] ৰায়ে জয় হিন্দ কলেজত এবছৰ ই্ণ্টাৰমিডিয়েট কৰিছিল তাৰপৰা মাটুংগাৰ ৰূপাৰেল কলেজত নাম-ভৰ্তি কৰিছিল। উচ্চতৰ মাধ্যমিকত তেওঁ ৯০% নম্বৰ লৈ উত্তীৰ্ণ হৈছিল।[8]কলেজত থাকোঁতে তেওঁ অলপ-চলপ মডেলিং কৰিছিল। বিভিন্ন টেলিভিচন বিজ্ঞাপনত কাম কৰাৰ পিছত তেওঁ "ফেমিনা মিচ ইণ্ডিয়া"ত অংশ গ্ৰহণ কৰে; য’ত তেওঁ দ্বিতীয় স্থান পায়। ১৯৯৪ চনত "মিচ ৱৰ্ল্ড"ৰ খিতাপ লাভ কৰে। তাৰপিছতে তেওঁলৈ বিভিন্ন চলচ্চিত্ৰৰ বাবে আমন্ত্ৰণ আহিবলৈ ধৰে।[9]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৯৭ চনত মুক্তি পোৱা মণি ৰত্নমতামিল ছবি ইৰুভাৰৰ যোগেদি তেওঁ চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। তেওঁৰ প্ৰথম হিন্দী ছবি ঔৰ প্যাৰ হো গয়াও একে বছৰতে মুক্তি পায়। তেওঁৰ প্ৰথম বাণিজ্যিক সফল ছবি তামিল ভাষাৰ জীনছ্ (১৯৯৮); যিখন সেই সময়ৰ অন্যতম ব্যয়বহুল ভাৰতীয় ছবি। তেওঁ দুবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ফিল্মফেয়াৰ লাভ কৰা প্ৰথম ছবিখন হ’ল- হম দিল দে চুকে চনম (১৯৯৯) আৰু আনখন দেৱদাস (২০০২)।[10][11]

তামিল ছবি কান্দুক’নাই কান্দুক’নাইত (২০০০) এগৰাকী আবেদনময়ী শিল্পীৰ চৰিত্ৰত, ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাহিনীৰ আধাৰত নিৰ্মিত বঙালী ছবি চোখেৰ বালিৰ (২০০৩) বিনোদিনীৰ চৰিত্ৰত, ৰেইনকোটত (২০০৪) এগৰাকী হতাশাগ্ৰস্থ মহিলাৰ চৰিত্ৰত, ব্ৰিটিছ ড্ৰামা ছবি প্ৰ’ভোকড্ত (২০০৬) কিৰণজিৎ আহলুৱালিয়াৰ চৰিত্ৰত আৰু গুজাৰিছত (২০১০) এগৰাকী নাৰ্চৰ চৰিত্ৰত ঐশ্বৰ্যাই কৰা অভিনয়ে চলচ্চিত্ৰ সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। তেওঁৰ ৰোমাণ্টিক ছবি মোহাব্বতে (২০০০) আৰু য়ে দিল হ্যায় মুচকিল, এডভেঞ্চাৰ ছবি ধুম ২ (২০০৬), ঐতিহাসিক ৰোমাণ্টিক ছবি গুৰু (২০০৭) আৰু জোধা আকবৰ (২০০৮) আৰু বিজ্ঞানভিত্তিক ছবি এন্থিৰান-এ (২০১০) প্ৰভুত বাণিজ্যিক সফলতা লাভ কৰিছে।[12] [13]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০০৭ চনত ঐশ্বৰ্যাই অভিষেক বচ্চনক বিয়া কৰায়। দম্পত্তিহালৰ এজনী কন্যা সন্তান আছে। চলচ্চিত্ৰীয় জগতখনৰ বাহিৰত তেওঁ বহুকেইটা দাতব্য সংস্থা আৰু সামাজিক প্ৰচাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছেডৰ ৰূপে দায়িত্ব পালন কৰিছে। তেওঁ এইচ.আই.ভি./ এইড্‌ছ সংক্ৰান্তীয় ৰাষ্ট্ৰসংঘৰ যুটীয়া কাৰ্যক্ৰমৰ (UNAIDS) শুভেচ্ছা দূত। ২০০৩ চনত তেওঁ কেনছ্ চলচ্চিত্ৰ মহোৎসৱৰ এগৰাকী জুৰী সদস্য আছিল। এই মহোৎসৱত জুৰীৰ দায়িত্ব পোৱা তেওঁ আছিল প্ৰথমগৰাকী ভাৰতীয় অভিনেত্ৰী।[14]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Simon Robinson. "India's Most Influential". Time. http://content.time.com/time/specials/2007/article/0,28804,1652689_1652372_1652359,00.html. 
  2. Tricia, McDermott (29 December 2004). "The World's Most Beautiful Woman?". CBS News. https://www.cbsnews.com/stories/2004/12/29/60minutes/main663862.shtml. 
  3. *Simon, Bob. "The most beautiful woman in the world [Aishwarya Rai]". 60 Minutes. CBS. 29 December 2004.
  4. "Aishwarya Rai Bachchcan to celebrate 42nd birthday with husband Abhishek and daughter Aaradhya". The Indian Express. 1 November 2015. http://indianexpress.com/article/entertainment/bollywood/aishwarya-rai-bachchcan-42nd-birthday-husband-abhishek-daughter-aaradhya/. 
  5. ANI (27 December 2010). "Aishwarya Rai, Abhishek Bachchan participate in event organised by Bunt community". Daily News and Analysis. http://www.dnaindia.com/entertainment/report_aishwarya-rai-abhishek-bachchan-participate-in-event-organised-by-bunt-community_1486838. 
  6. "Devdas: Raise your glass". The Times of India. 30 May 2002. http://m.timesofindia.com/PDATOI/articleshow/13612687.cms. 
  7. "Aishwarya Rai Bachchan's father passes away; was suffering from cancer". http://www.financialexpress.com/india-news/aishwarya-rai-bachchans-father-passes-away-was-suffering-from-cancer/593402/. 
  8. 8.0 8.1 8.2 "This Week in Entertainment". Rediff. 1 November 1973. http://www.rediff.com/movies/2008/oct/31slid6.htm। আহৰণ কৰা হৈছে: 1 June 2011. 
  9. "Behind the beauty". Hindustan Times. 31 October 2008. http://www.hindustantimes.com/entertainment/behind-the-beauty/story-mwkioGMOgLqQiuuszZjqzH.html. 
  10. "An easy fit". Rediff. 15 May 1998. http://ia.rediff.com/movies/1998/may/15jean.htm. 
  11. Rajitha. "Wonder of wonders". Rediff. Archived from the original on 3 March 2016. https://web.archive.org/web/20160303173034/http://www.indiaabroad.rediff.com/entertai/1998/apr/20sh.htm। আহৰণ কৰা হৈছে: 20 March 2021. 
  12. "Looking at Mani Ratnam's landmark movies – Rediff.com Movies". Rediff. 9 June 2010. http://movies.rediff.com/slide-show/2010/jun/09/slide-show-1-looking-at-mani-ratnams-landmark-movies.htm। আহৰণ কৰা হৈছে: 30 May 2011. 
  13. Warrior, Shobha (3 September 2003). "25 years, 25 landmarks". Rediff. http://www.rediff.com/movies/2003/sep/03mohan1.htm। আহৰণ কৰা হৈছে: 2 April 2009. 
  14. "Aishwarya at Cannes 2010 | CNN Travel". http://travel.cnn.com/mumbai/none/gallery-aishwarya-rai-bachchan-ash-avatar-cannes-395217/. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
ঐশ্বৰ্যা ৰায়
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?