For faster navigation, this Iframe is preloading the Wikiwand page for আহোম লিপি.

আহোম লিপি

আহোম লিপি
𑜒𑜑𑜪𑜨
ভাষা আহোম ভাষা, অসমীয়া ভাষা [1]
সময় 13th century– 19th century
মাতৃ লিপি
Proto-Sinaitic alphabet
  • Phoenician alphabet
    • Aramaic alphabet (disputed)
      • Brāhmī
        • আহোম লিপি
          𑜒𑜑𑜪𑜨
ইউনিক'ড ৰে'ঞ্জ U+11700– U+1173F

টাই আহোম লিপি (ইংৰাজী: Tai Ahom Script) বা অসমাখৰ হ'ল এক প্ৰকাৰৰ লিপি যাক টাই আহোম ভাষাত ব্যাবহাৰ কৰা হয়।[2][3] এই লিপি আহোম জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। অসমৰ বুৰঞ্জী সমূহ এই লিপিত লিখা হৈছিল।[4]

আহোম লিপিৰ ইতিহাস

[সম্পাদনা কৰক]

আহোম লিপি চীনদেশৰ টাই নোৱা সকলৰ লিপিৰ পৰা উৎপত্তি হোৱা বুলি বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰে। নোৱা লিপিৰ সৈতে আহোম লিপিৰ যথেষ্ট সাদৃশ্যত আছে। পাছত চীনৰ চৰকাৰে ইয়াক উন্নত কৰাত ই দেখাত আহোম লিপিতকৈ অলপ বেলেগ হৈ পৰে যদিও প্ৰাচীন পুথি বোৰত ব্যৱহাৰ হোৱা লিপি সমূহ প্ৰায় একে হয়।[3][5] এই ভাষাৰ পৌৰাণিক পুথি সমূহ টাই আহোম ভাষাত লিখা সাঁচিপাতৰ পুথি। আহোম ভাষা উৎপত্তি মূল কাৰণ আছিল আহোমসকলে চীনৰ দেহ'ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্ত অঞ্চল (পূৰ্বৰ পূব মু'ঙ মাও) এৰি ব্ৰহ্মপুত্ৰ উপত্যকালৈ অহা।[6] [7] এই ভাষাৰ ব্যৱহাৰৰ বাবে প্ৰিণ্ট ফণ্ট নিৰ্মাণ কৰা হল। এই ফণ্টক আহোম-অসমীয়া-ইংৰাজী শব্দকোষত ব্যৱহাৰ কৰা হয়।[8]

অনুবাদৰ প্ৰচেষ্টা

[সম্পাদনা কৰক]

আহোম লিপিৰ অনুবাদ অলপ দেৰিকৈ হয় বাবে বহুতো প্ৰকাশনে ভুলকৈ ইয়াক ছপা কৰি উলিয়াইচিল। গোলাপ চন্দ্ৰ বৰুৱাই আহোম বুৰঞ্জীক আৰু আহোম লিপিক অনুবাদ কৰি প্ৰাথমিক নমুনা গঢ় দিয়াইছিল। পৰৱৰ্তী সময়ত প্ৰফেছৰ নাগৰৰ দ্বাৰা তেওঁৰ ভুল সমূহ শুধৰাই দিয়া হয়। আধুনিক যুগত প্ৰযুক্তি বিদ্যাৰ সহায়ত আহোম লিপিৰ ব্যৱহাৰ যথেষ্ট হৈছে। আহোম সংস্কৃতি ভাষা ধৰ্ম পুনৰুদ্ধাৰ অভিযানৰ ফলত আহোম লিপিৰ প্ৰতি মানুহৰ আকৰ্ষণ পুনৰ বৃদ্ধি পাবলৈ ধৰে।[8] Tai Ahoms and the Stars-ৰ লিখকৰ মত অনুসৰি নৱ-আহোম লিপিৰ অন্য টাই লিপিৰ সহায়ত স্বৰসমূহ লগাব লাগে।[8]

লিপিৰ বিশেষত্ব

[সম্পাদনা কৰক]

অধিকাংশ অবুগীদাচীয় (abugidasic) লিপিৰ দৰে আহোম লিপিৰ প্ৰতিটো আখৰত /a/ নিহিত স্বৰ থাকে।[9] অন্য স্বৰ সমূহক বিশেষণৰ প্ৰয়োগ কৰি সূচায় বিশেষণৰ সো বাওঁ ওপৰ তলত দেখা যায় যদিও ৰাগৰ তথ্য লিপিত দেখা নাযায়।

অন্য টাই সকলৰ লিপিৰ দৰে আহোম লিপিৰ দুটামান টাই বিশেষত্ব হ'ল :

  • প্ৰসঙ্গ ক্ৰিয়া উপসৰ্গ শব্দ ক্ৰম[3][10]
  • একপদীয় মূল[3][5][11][10]
  • বিশ্লেষণাত্মক বাক্য ৰচনা[10]

যেতিয়া আহোম ভাষা কোৱা বা লিখা যায় তেতিয়া কিছুমান কথা ব্যাখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। ক্ৰিয়াৰ কাল নাথাকে আৰু সংজ্ঞাত বহুবচন নাথাকে। সময়ৰ বিষয়ে ক্ৰিয়া,ক্ৰিয়াৰ আগত থকা সহায়ক বা ক্ৰিয়াৰ শৃঙ্খলাৰ দ্বাৰা জানিব পৰা যায়। আহোম লিপি যথেষ্ট জটিল হয় কাৰণ লিপিত স্বৰ ৰাগৰ বিষয়ে উল্লেখ নাথাকে আৰু এটা ব্যঞ্জন বৰ্ণ এটা শব্দত কেবল এবাৰেই লিখিব পৰা যায়।[11] সামান্য শব্দ সমূহ ছুটি কৰিব পৰা যায় আৰু এটা প্ৰাৰম্ভিক ব্যঞ্জনৰ সৈতে কেবাটাও শব্দ একেলেথাৰিয়ে সংকুচিত কৰিব পৰা যায়।[8]

ইউনিক’ড

[সম্পাদনা কৰক]

২০১৫ চনৰ জুন মাহত আহোম লিপিক ইউনিক’ডৰ ৮.০ সংস্কৰণৰ যোগেদি অন্তৰ্ভুক্ত কৰা হয়।

আহোম লিপিৰ ইউনিক’ড ব্লক হৈছে U+11700– U+1173F:

আহোম[1][2]
আনুষ্ঠানিক কনছ'ৰ্টিয়াম কোড চাৰ্ট (PDF)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+1170x 𑜀 𑜁 𑜂 𑜃 𑜄 𑜅 𑜆 𑜇 𑜈 𑜉 𑜊 𑜋 𑜌 𑜍 𑜎 𑜏
U+1171x 𑜐 𑜑 𑜒 𑜓 𑜔 𑜕 𑜖 𑜗 𑜘 𑜙 𑜝 𑜞 𑜟
U+1172x 𑜠 𑜡 𑜢 𑜣 𑜤 𑜥 𑜦 𑜧 𑜨 𑜩 𑜪 𑜫
U+1173x 𑜰 𑜱 𑜲 𑜳 𑜴 𑜵 𑜶 𑜷 𑜸 𑜹 𑜺 𑜻 𑜼 𑜽 𑜾 𑜿
বি. দ্ৰ.
১.^ ইউনিক'ড সংস্কৰণ ৮.০ অনুসৰি
২.^ ধূসৰ এলেকাই অনিৰ্ধাৰিত স্থান বুজাইছে

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. http://sealang.net/ahom/
  2. ...same text in Ahom script (asamaksara). For example, etadartha-vijnapakam-acamaksarena-paraprasthe (the same meaning is carried by what is rendered in acamaksarena on the other page); etadarthakam-asamksaram-etad-apara-prstha (to get this meaning in asamksara, it is there on the other page) (বৰা মহেন্দ্ৰ (১৯৮১). The Evolution of Assamese Script. যোৰহাট, অসম: অসম সাহিত্য সভা পৃষ্ঠা: ১১-১২)
  3. 3.0 3.1 3.2 3.3 Diller, A. (1993). Tai Languages. In International Encyclopedia of Linguistics (Vol. 4, pp. 128-131). Oxford, UK: Oxford University Press.
  4. বৰুৱা (১৯৩০) (টাই আহোম ভাষা, ইংৰাজী ভাষা ভাষাত), আহোম-বুৰঞ্জী, বেপ্টিষ্ট মিছন প্ৰেছ, কলকাতা
  5. 5.0 5.1 French, M. A. (1994). Tai Languages. In The Encyclopedia of Language and Linguistics (Vol. 4, pp. 4520-4521). New York, NY: Pergamon Press Press.
  6. Court, C. (1996). Introduction. In P. T. Daniels & W. Bright (Eds.) The World's Writing Systems (pp. 443). Oxford: Oxford University Press.
  7. Court, C. (1996). The spread of Brahmi Script into Southeast Asia. In P. T. Daniels & W. Bright (Eds.) The World's Writing Systems (pp. 445-449). Oxford: Oxford University Press.
  8. 8.0 8.1 8.2 8.3 Terwiel, B. J., & Wichasin, R. (eds.), (1992). Tai Ahoms and the stars: three ritual texts to ward off danger. Ithaca, NY: Southeast Asia Program.
  9. Hosken, Martin; Morey, Stephen (2012-10-23). "N4321R: Revised Proposal to add the Ahom Script in the SMP of the UCS". ISO/IEC JTC1/SC2/WG2. https://www.unicode.org/L2/L2012/12309r-n4321r.pdf. 
  10. 10.0 10.1 10.2 Blake, B. J. (1994). Language Classification. In The Encyclopedia of Language and Linguistics (Vol. 4, pp. 1952-1957). New York, NY: Pergamon Press Press.
  11. 11.0 11.1 Hongladarom, K. (2005). Thai and Tai Languages. In Encyclopedia of linguistics (Vol. 2, pp. 1098-1101). New York, NY: Fitzroy Dearborn.

উৎস প্ৰসংগ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  1. ইংৰাজীৰ পৰা আহোমলৈ অনলাইন অভিধান - গ্ল'চবে
  1. অন্তৰ্ভুক্ত হল Ahom at Omniglot.com -- A guide to writing systems
{{bottomLinkPreText}} {{bottomLinkText}}
আহোম লিপি
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?