For faster navigation, this Iframe is preloading the Wikiwand page for আকবৰৰ নৱৰত্ন.

আকবৰৰ নৱৰত্ন

আকবৰৰ নৱৰত্ন : টো়ডৰমল, তানসেন, আবুল ফজল, ফৈজী, আব্দুল ৰহীম

ভাৰতৰ মহান মোগল বাদশ্বাহ আকবৰ স্বয়ং নিৰক্ষৰ হোৱা সত্ত্বেও ইতিহাসবিদ, চিত্ৰকাৰ, বিচাৰক, ধৰ্মগুৰু, কলাকাৰ তথা বুদ্ধিজীৱীৰ বিশেষ প্ৰেমী আছিল। কোৱা হয় যে আকবৰৰ ৰাজসভাত এনে ন(৯)জন গুণী ব্যক্তি আছিল যাক কালক্ৰমত আকবৰৰ নৱৰত্ন বুলি জনা গৈছিল। আকবৰৰ এই নৱৰত্ন আছিল- আবুল ফজল, ফৈজী, তানসেন, ৰাজা বীৰবল, ৰাজা টোডৰমল, ৰাজা মানসিং, আব্দুল ৰহীম খান-ই-খানা, ফকীৰ আজিঔ-দিন, আৰু মুল্লাহ দো পিওজা।[1]

আবুল ফজল

[সম্পাদনা কৰক]

ইতিহাসবিদ আবুল ফজলে আকবৰৰ শাসনকালত মুখ্য ঘটনাবোৰ কলমাবদ্ধ কৰিছিল। এখেতেই আকবৰনামা আৰু আইন-ই-আকবৰী ৰচনা কৰিছিল। এখেতৰ জন্ম আগ্ৰাত হৈছিল।[2]

ফৈজী আছিল আবুল ফজলৰ ভাতৃ যিয়ে পাৰ্চী ভাষাত কবিতা লিখিছিল আৰু এখেতক আকবৰে নিজৰ পুত্ৰৰ গণিত শিক্ষক হিচাপে নিযুক্ত কৰিছিল। শ্বেখ আল-ফেজ, প্ৰচলিত নাম ফৈজী মধ্যকালীন ভাৰতৰ পাৰ্চী কবি আছিল।

কবি তানসেন আকবৰৰ ৰাজসভাৰ এজন বিলক্ষণ প্ৰতিভাসম্পন্ন সংগীতজ্ঞ আছিল। সংগীত সম্ৰাট তানসেনৰ নগৰী গোৱালিয়ৰত কথিত আছে যে তাত শিশুৰ কান্দোনতো তাল প্ৰতিফলিত হয়।

ৰাজা বীৰবল

[সম্পাদনা কৰক]

পৰম বুদ্ধিমান ৰাজা বীৰবল আকবৰৰ যুদ্ধ-পৰামৰ্শদাতা আছিল। হাস্য-পৰিহাসত আকবৰৰ স'তে এখেতৰ কাল্পনিক কাহিনীবোৰ আজিও কোৱা হয়। বীৰবল এজন কবিও আছিল। ব্ৰহ্ম নামত তেখেতে এজন কবি ৰূপে কবিতা লিখিছিল যিবোৰ বৰ্তমান ৰাজস্থানৰ ভৰতপুৰ সংগ্ৰহালয়ত সংৰক্ষিত আছে।

ৰাজা টোডৰমল

[সম্পাদনা কৰক]

ৰাজা টোডৰমল আকবৰৰ ৰাজহ আৰু বিত্তমন্ত্ৰী আছিল।[3] এখেতে ভূমি-জৰীপৰ বাবে বিশ্বৰ প্ৰথম মাপন-প্ৰণালী তৈয়াৰ কৰিছিল। আকবৰৰ ৰাজ্যৰ জৰীপ এখেতেই কৰিছিল। উত্তৰ প্ৰদেশৰ একমাত্ৰ ৰাজহ প্ৰশিক্ষণ সংস্থানৰ নাম এখেতৰ নামেৰে ৰাজা টোডৰমল ভুলেখ প্ৰশিক্ষণ সংস্থান ৰখা হৈছিল য'ত আই.এ.এছ., আই.পি.এছ., পি.চি.এছ. আদিৰ উপৰিও ৰাজহ কৰ্মীবোৰক মাটিৰ জোখমাখ সম্বন্ধীয় প্ৰশিক্ষণ দিয়া হয়।

ৰাজা মানসিং

[সম্পাদনা কৰক]

আকবৰৰ সেনাৰ প্ৰধান সেনাপতি মহাৰাজ মানসিং (জয়পুৰ) ৰাজপুতৰ ৰজা আছিল যাৰ ভগ্নী জোধাবাঈ আকবৰৰ পটৰাণী আছিল।

আব্দুল ৰহীম খান-ই-খানা

[সম্পাদনা কৰক]

ৰহীম এজন প্ৰতিষ্ঠিত কবি আছিল আৰু আকবৰৰ সংৰক্ষক বৈৰম খানৰ পুত্ৰ আছিল।

ফকীৰ অজিঔ-দিন

[সম্পাদনা কৰক]

ফকীৰ অজিঔ-দিন আকবৰৰ পৰামৰ্শদাতা আছিল।

মুল্লাহ দো পিওজা

[সম্পাদনা কৰক]

মুল্লাহ দো পিওজা আকবৰৰ পৰামৰ্শদাতা আছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Singh, Vipul (2006). The Pearson Indian History Manual for the UPSC Civil Services Preliminary Examination. Pearson Education India. ISBN 8131717534. p. 140.
  2. Alfred J. Andrea, James H. Overfield. The Human Record: To 1700. Houghton Mifflin. পৃষ্ঠা. 476. https://www.google.ca/books/edition/The_Human_Record_To_1700/QJsx7eQ0rwAC?hl=en&gbpv=1&bsq=1579+abul+fazl+chief+advisor&dq=1579+abul+fazl+chief+advisor&printsec=frontcover. "Abul Fazl(1551-1602), the emperor's chief advisor and confidant from 1579 until Abul Fazl's assassination at the instigation of Prince Salim, the future Emperor Jahangir(r. 1605-1627)" 
  3. The Ain i Akbari by Abul Fazlallami, translated from the original Persian, by Heinrich Blochmann and Colonel Henry Sullivan Jarret, Volume 1, Page 376, Low Price Publications India
{{bottomLinkPreText}} {{bottomLinkText}}
আকবৰৰ নৱৰত্ন
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?