For faster navigation, this Iframe is preloading the Wikiwand page for অৰুন্ধতী ৰায়.

অৰুন্ধতী ৰায়

অৰুন্ধতী ৰায়

২০১৩ চনত অৰুন্ধতী ৰায়
জন্ম সুজানা অৰুন্ধতী ৰায়
২৪ নৱেম্বৰ, ১৯৬১ (৬২ বছৰ)[1]
শ্বিলং, অবিভক্ত অসম (বৰ্তমান মেঘালয়)
পেচা সাহিত্যিক, সমাজকৰ্মী
সময় ১৯৯৭-বৰ্তমানলৈ
উল্লেখনীয় কৰ্মৰাজি দ্য গড অৱ স্মল থিংছ
উল্লেখযোগ্য বঁটা

স্বাক্ষৰ

সুজানা অৰুন্ধতী ৰায় (ইংৰাজী: Suzanna Arundhati Roy; জন্ম: ২৪ নৱেম্বৰ ১৯৬১)[1] এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ সাহিত্যিক। তেওঁৰ বিখ্যাত ইংৰাজী উপন্যাস দ্য গড অৱ স্মল থিংছৰ বাবে তেওঁ ১৯৯৭ চনত মেন বুকাৰ বঁটা লাভ কৰে। ১৯৮৯ চনত ইন হুইছ এনি গিভ ইট ডজ ওৱানছৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ২০০৬ চনত দা আলজেব্ৰা অফ ইনফাইনিট জাষ্টিছ নামৰ প্ৰবন্ধ সংকলনৰ বাবে ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ এগৰাকী ৰাজনৈতিক কৰ্মী আৰু মানৱ অধিকাৰ আৰু পৰিৱেশ সংৰক্ষণ সংক্ৰান্তিয় বিষয়ত জড়িত হৈ আছে।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৬১ চনৰ ১৪ নৱেম্বৰ তাৰিখে অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত অৰুন্ধতী ৰায়ৰ জন্ম হৈছিল।[3] তেওঁৰ পিতৃ ৰাজীৱ ৰায় কলকাতাৰ পৰা অসমলৈ চাহ বাগিচাৰ মেনেজাৰ হিচাপে উত্তৰ পূৰ্বাঞ্চললৈ আহিছিল আৰু তেওঁৰ মাতৃ মেৰী ৰায় এগৰাকী কেৰালাৰ নাৰী অধিকাৰ কৰ্মী মালায়ালী খ্ৰীষ্টান মহিলা।[4] দুই বছৰ বয়সতে তেওঁৰ পিতৃ মাতৃৰ বিবাহ বিচ্ছেদ হয়। ইয়াৰ পিছত মাতৃ আৰু ভাতৃৰ লগত কেৰালালৈ গুচি যায়।[4] কিছুদিনৰ বাবে তেওঁলোক তামিলনাডুৰ উটিৰ আইতাকৰ ঘৰত বাস কৰিছিল। পিছলৈ ৫ বছৰ বয়সত তেওঁ আকৌ কেৰালালৈ গুচি যায় আৰু তেওঁৰ মাতৃয়ে এখন বিদ্যালয় আৰম্ভ কৰে।[4]

তেওঁ প্ৰথমে কত্যায়মৰ কৰ্পূচ খ্ৰীষ্টিয়ান স্কুলত শিক্ষা গ্ৰহণ কৰে। তাৰপিছত তেওঁ তামিলনাডুৰ লৰেন্স স্কুলত শিক্ষা গ্ৰহণ কৰে। তাৰপিছত তেওঁ দিল্লীৰ পৰিকল্পনা আৰু স্থাপত্যবিদ্যা বিদ্যালয়ৰত স্থাপত্যবিদ্যাৰ শিক্ষা লাভ কৰে। তাতে তেওঁ স্থাপত্যবিদ গেৰাৰ্ড ডে চোনহাক লগ পায় আৰু তেওঁলোক একেলগে দিল্লীত থাকিবলৈ লয়। পিছলৈ তেওঁলোকৰ বিচ্ছেদৰ পিছত গোৱালৈ গুচি আহে।[4]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

১৯৯৭ চনত অৰুন্ধতী ৰায়ে দ্য গড অৱ স্মল থিংছৰ বাবে মেন বুকাৰ বঁটা লাভ কৰে। ইয়াৰ অৰ্থমুল্য প্ৰায় ৩০,০০০ আমেৰিকান ডলাৰ।[5] and a citation that noted, "The book keeps all the promises that it makes".[6] তেওঁ এই গোটেই পুৰস্কাৰৰ ৰাশি আৰু কিতাপখনৰ পোৱা ধন মানৱ অধিকাৰৰ বাবে দান কৰে। বুকাৰ বঁটা লাভ কৰাৰ আগতে তেওঁ ১৯৮৯ চনত ইন হুইছ এনি গিভ ইট ডজ ওৱানছৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।[7] ২০১৫ চনত তেওঁ ভাৰতত ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি হোৱাৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় বঁটা ঘূৰাই দিয়ে।[8]

২০০২ চনত তেওঁ লান্নান ফাউণ্ডেচনৰ সংস্কৃতিক মুক্তি বঁটা লাভ কৰে।[9] ২০০৩ চনত আমেৰিকাৰ ছান ফ্ৰান্সিনস্কত গ্লোৱেল এক্সচেঞ্জত তেওঁক শান্তিৰ নাৰী হিচাপে বিশেষ সন্মান প্ৰদান কৰা হয়। তেওঁৰ সামাজিক অৱদান আৰু অহিংস নীতিৰ বাবে ২০০৪ চনৰ মে মাহত ছিডনী শান্তি বঁটা লাভ কৰে।[10][11]

২০০৬ চনত দা আলজেব্ৰা অফ ইনফাইনিট জাষ্টিছ নামৰ প্ৰবন্ধ সংকলনৰ বাবে ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ এই বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।[12][13]

২০১১ চনৰ নৱেম্বৰ মাহত তেওঁ সাহিত্যৰ বাবে নৰমেন মাইলাৰ বঁটা লাভ কৰে।[14] ২০১৪ চনত তেওঁ টাইম আলোচনীৰ বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰে।[15]

গ্ৰন্থৰাজি

[সম্পাদনা কৰক]

কল্প সাহিত্য

[সম্পাদনা কৰক]

অন্যান্য

[সম্পাদনা কৰক]
  • দা এণ্ড অফ ইমাজিনেচন, কত্যায়ম: ডি.চি. বুকছ, ১৯৯৮
  • দা কষ্ট অফ লিভিং, ফ্লেমিংগ, ১৯৯৯
  • দা গ্ৰেটাৰ কমন গুড, বোম্বে: ইণ্ডিয়া বুক ডিষ্ট্ৰীবুটৰ, ১৯৯৯
  • দা আলজেব্ৰা অফ ইনফাইনিট জাষ্টিছ, ফ্লেমিংগ, ২০০২
  • পাৱাৰ পলিটিক্স, কেম্ব্ৰিজ: চাউথ এণ্ড প্ৰেছ, ২০০২
  • ৱাৰ টক, কেম্ব্ৰিজ:চাউথ এণ্ড প্ৰেছ, ২০০৩
  • এন অৰ্ডিনেৰী পাৰচনছ গাইড টু এম্পায়াৰ, কনচৰ্টিয়াম, ২০০৪
  • পাব্লিক পাৱাৰ ইন দা এজ অফ এম্পায়াৰ. প্ৰকাশক নিউ য়ৰ্ক: চেভেন ষ্টৰিছ প্ৰেছ. ২০০৪. ISBN 9781583226827. 
  • দা চেকবুক এণ্ড দা ক্ৰুছ মিছাইল: কনভাৰচেচন উইথ অৰুন্ধতী ৰয়, ডেভিড বাৰ্চমিয়ানৰ দ্বাৰা সাক্ষাৎকাৰ, কেম্ব্ৰিজ: চাউথ এণ্ড প্ৰেছ, ২০০৪
  • দা শ্বেপ অফ দা বিষ্ট: কনভাৰচেচন ৱিথ অৰুন্ধতী ৰয়, নতুন দিল্লী:পেংগুইন, ২০০৮
  • লিচেনিং টু গ্ৰাছহপাৰছ: ফিল্ড নোটছ অন ডেম'ক্ৰেচি, নতুন দিল্লী:পেংগুইন, ২০১০
  • ব্ৰকেন ৰিপাব্লিক: থ্ৰী এছেছ, নতুন দিল্লী: হেমিছ হেমিল্টন, ২০১১
  • ৱাকিং ৱিথ দা কমৰেডছ. নতুন দিল্লী: পেংগুইন, ২০১১
  • কাশ্মীৰ: দা কেচ অফ ফ্ৰিদম, ভেৰ্চ', ২০১১
  • দা হেংগিং অফ অফজল গুৰু এণ্ড দা ষ্ট্ৰেঞ্জ কেচ অফ এটেক অন দা ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট. প্ৰকাশক নতুন দিল্লী: পেংগুইন. ২০১৩. ISBN 978-0143420750. 
  • কেপিটেলিছম: এ ঘষ্ট ষ্ট্ৰৰি,চিকাগো: হেমাৰ্কেট বুকছ, ২০১৪
  • থিংছ ডেট কেন এণ্ড কেন নট বি চেইড: এছে এণ্ড কনভাৰছেচন (জন কোচাকৰ সৈতে), চিকাগো: হেমাৰ্কেট বুকছ, ২০১৬
  • দা ডক্টৰ এণ্ড দা ছেণ্ট: কাষ্ট, ৰেছ এণ্ড এনিহিলেচন অফ কাষ্ট, দা দিবেট বিটৱুইন বি. আৰ. আম্বেদকাৰ এণ্ড এম.কে. গান্ধী, চিকাগো: হেমাৰ্কেট বুকছ, ২০১৭

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Arundhati Roy". Encyclopædia Britannica. http://www.britannica.com/EBchecked/topic/511182/Arundhati-Roy। আহৰণ কৰা হৈছে: 12 May 2013. 
  2. Dhanusha Gokulan (11 November 2012). "‘Fairy princess’ to ‘instinctive critic’". Khaleej Times. Archived from the original on 2014-11-03. https://web.archive.org/web/20141103022947/http://www.khaleejtimes.com/kt-article-display-1.asp?xfile=data%2Ftodayevent%2F2012%2FNovember%2Ftodayevent_November12.xml&section=todayevent। আহৰণ কৰা হৈছে: 2014-11-02. 
  3. "Arundhati Roy, 1959–". The South Asian Literary Recordings Project. Library of Congress, New Delhi Office. 15 November 2002. Archived from the original on 4 April 2009. https://www.loc.gov/acq/ovop/delhi/salrp/arundhathiroy.html। আহৰণ কৰা হৈছে: 6 April 2009. 
  4. 4.0 4.1 4.2 4.3 Siddhartha Deb, "Arundhati Roy, the Not-So-Reluctant Renegade Archived 21 April 2016 at the Wayback Machine", The New York Times, 5 March 2014. Accessed 5 March 2014.
  5. David Barsamian (September 2001). "Arundhati Roy interviewed". The South Asian. http://www.the-south-asian.com/Sept2001/Arundhati_Roy-Interview1.htm. 
  6. "Previous winners  – 1997". Booker Prize Foundation. Archived from the original on 27 January 2007. https://web.archive.org/web/20070127162449/http://www.themanbookerprize.com/about/previous/1997.php। আহৰণ কৰা হৈছে: 21 March 2007. 
  7. "36th National Film Awards (PDF)". Directorate of Film Festivals. http://dff.nic.in/2011/36nfa.pdf। আহৰণ কৰা হৈছে: 25 February 2015. 
  8. Hannah Ellis (5 November 2015). "Arundhati Roy returns award in protest against religious intolerance in India". Guardian. https://www.theguardian.com/books/2015/nov/05/arundhati-roy-returns-award-protest-religious-intolerance-india-bollywood-modi-government-violence। আহৰণ কৰা হৈছে: 5 November 2015. 
  9. "2002 Lannan Cultural Freedom Prize awarded to Arundhati Roy". Lannan Foundation. Archived from the original on 6 February 2007. https://web.archive.org/web/20070206132403/http://www.lannan.org/lf/cf/detail/2002-prize-for-cultural-freedom-roy। আহৰণ কৰা হৈছে: 21 March 2007. 
  10. "Arundhati Roy gets Sydney Peace Prize" Archived 21 August 2013 at the Wayback Machine, Outlook, Retrieved 1 April 2012.
  11. "Peace?..." Archived 19 February 2015 at the Wayback Machine, Outlook, Retrieved 1 April 2012. Arundhati Roy
  12. "Sahitya Akademi Award: Arundhati Roy Rejects Honor" Archived 21 August 2013 at the Wayback Machine, Deccan Herald, 16 January 2006.
  13. "Award-Winning Novelist Rejects a Prize" Archived 6 March 2016 at the Wayback Machine, The New York Times, 17 January 2006. Retrieved 18 December 2011.
  14. "From Norman Mailer to Arundhati Roy". Archived 22 December 2015 at the Wayback Machine Hamish Hamilton. Retrieved 13 December 2015).
  15. Time 100 Archived 14 September 2016 at the Wayback Machine

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
অৰুন্ধতী ৰায়
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?