For faster navigation, this Iframe is preloading the Wikiwand page for অপৰ্ণা সেন.

অপৰ্ণা সেন

অপৰ্ণা সেন

২০১৪ৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাত অপৰ্ণা সেন
জন্ম অপৰ্ণা দাসগুপ্ত
২৫ অক্টোবৰ, ১৯৪৫ (৭৮ বছৰ)
কলকাতা, বেঙ্গল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
পেচা অভিনয়, পৰিচালনা, চিত্ৰনাট্য লেখন
সক্ৰিয় হৈ থকা সময় ১৯৬১ৰ পৰা বৰ্তমানলৈ
দাম্পত্যসঙ্গী সঞ্জয় সেন
মুকুল শৰ্মা
কল্যাণ ৰায়
সন্তান কংকনা সেন শৰ্মাৰ সৈতে মুঠ ২জন
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

অপৰ্ণা সেন (ইংৰাজী: Aparna Sen; বিবাহৰ পূৰ্বে অপৰ্ণা দাসগুপ্ত; জন্ম:২৫ অক্টোবৰ, ১৯৪৫) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালিকা আৰু অভিনেত্ৰী, যি বঙালী চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। তেওঁ নটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পোৱাৰ উপৰিও ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰিছে।[1]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

সেনৰ জন্ম এটা বঙালী পৰিয়ালত হৈছিল। তেওঁলোক বৰ্তমানৰ বাংলাদেশৰ চিটাগং জিলাৰ কক্সবজাৰৰ মূল নিবাসী আছিল। তেওঁৰ দেউতাক চিদানন্দ দাসগুপ্ত এজন চলচ্চিত্ৰ পৰিচালক আৰু প্ৰবীন সমালোচক আছিল। তেওঁৰ মাতৃ সুপ্ৰিয়া দাসগুপ্ত এগৰাকী কষ্টিউম ডিজাইনাৰ আছিল, যিয়ে ৭৩ বছৰ বয়সত স্বামীৰ পৰিচালনাৰ ‘আমোদিনী’ (১৯৯৫) ছবিৰ কষ্টিউম ডিজাইনৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। সেন এগৰাকী প্ৰখ্যাত বঙালী কবি জীৱনানন্দ দাসৰ সম্পৰ্কীয় আছিল।[2] সেনে তেওঁৰ শৈশৱ হাজাৰীবাগ আৰু কলকাতাত কটাইছিল। তেওঁ স্কুলীয়া শিক্ষা কলকাতাৰ কলকাতাৰ মডাৰ্ণ হাইস্কুলত গ্ৰহণ কৰিছিল, যিখন এখন ছোৱালীৰ স্কুল আছিল। তেওঁ প্ৰেচিডেঞ্চি কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতক শ্ৰেণীত ভৰ্তি হৈছিল যদিও ডিগ্ৰী লব নোৱাৰিলে।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

সেনে ১৫ বছৰ বয়সত, প্ৰেচিডেঞ্চি কলেজত পঢ়ি থকা অৱস্থাতে ১৯৬১ চনৰ ছবি ‘তিন কন্যা’ৰ সমাপ্তি অংশৰ মৃণ্ময়ী চৰিত্ৰটোৰ যোগে চলচ্চিত্ৰ জগতত ভৰি দিছিল। এই ছবিখনৰ পৰিচালক আছিল সত্যজিৎ ৰায়, যিগৰাকী ব্যক্তি সেনৰ দেউতাকৰ দীৰ্ঘদিনীয়া বন্ধু আছিল। প্ৰখ্যাত ফটোগ্ৰাফাৰ ব্ৰায়ান ব্ৰেকে ১৫ বছৰত বয়সত তোলা তেওঁৰ ফটো লাইফ মেগাজিনৰ বেটুপাতত প্ৰকাশ পায়।[4]

২০০৯ত সেনে শৰ্মিলা ঠাকুৰ আৰু ৰাহুল বসুৰ সৈতে অনিৰুদ্ধ ৰয়চৌধুৰীৰ ছবি অন্তহীনত অৱতীৰ্ণ হয়। ছবিখনে চাৰিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হৈছিল।[5]

পৰিচালনা

[সম্পাদনা কৰক]

১৯৮১ চনত সেনে শশী কাপুৰে প্ৰযোজনা কৰা ‘৩৬ চৌৰঙ্গী লেন’ৰে পৰিচালনাৰ ক্ষেত্ৰখনত প্ৰবেশ কৰে, যিখন ছবিয়ে দুটাকৈ ৰাষ্ট্ৰীয় বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁ পৰিচালনা কৰা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত কেইখনমান ছবি- 'পাৰমিতাৰে একদিন', 'মিষ্টাৰ এণ্ড মিচেছ আয়াৰ', '১৫ পাৰ্ক এভিনিউ', 'যুগান্ত', 'পৰমা' আদি।[6]

অন্যান্য

[সম্পাদনা কৰক]

১৯৮৬ৰ পৰা ২০০৫লৈ সেনে বঙালী পষেকীয়া মহিলা আলোচনী সানন্দাৰ সম্পাদক হয়। আনন্দবাজাৰ পত্ৰিকা গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত এই আলোচনীখন পশ্চিমবঙ্গ আৰু বাংলাদেশ উভয়তে সমানে জনপ্ৰিয় আছিল। ২০০৫ৰ নবেম্বৰৰ পৰা ২০০৬ৰ ডিচেম্বৰলৈ তেওঁ ‘কলকাতা টিভি’ চেলেনৰ ক্ৰিয়েটিভ ডিৰেক্টৰ হিচাপে জড়িত আছিল। ২০১১ত সাৰদা গ্ৰুপে আৰম্ভ কৰা ‘পৰমা’ আলোচনীৰ সম্পাদনাৰ দায়িত্ব লয়। ২০১৩ৰ ১৪ এপ্ৰিলত ই বন্ধ হৈ যায়।[7] সেন আৰু তেওঁৰ সম্পাদনা দলটোৱে ‘প্ৰথমা এখন’ বুলি আন এখন আলোচনী প্ৰকাশ কৰে, যিখন বেছিদিন জীয়াই নাথাকিল।[8]

সেনে এগৰাকী জুৰী হিচাপে বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছে। ১৯৮৯ত তেওঁ ১৬তম মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰী আছিল।[9] ২০০৮ত এছিয়া পেচিফিক স্ক্ৰীণ এৱাৰ্ডৰ আৰু ২০১৩ত ২য় লাডাখ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰী নিৰ্বাচিত হয়।[10]

১৯৮৭ত ভাৰতৰ ৰাষ্ট্ৰপতি গিয়ানী জায়েল সিঙে চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী প্ৰদান কৰে।

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Aparna Sen — A River Plunging into its Own Depths" (en-GB ভাষাত). Journal of Indian Cinema. 2020-10-25. Archived from the original on 2021-08-04. https://web.archive.org/web/20210804123740/https://filmcriticscircle.com/journal/aparna-sen/। আহৰণ কৰা হৈছে: 2020-10-26. 
  2. "Aparna Sen Gets Candid At DIFF" (en ভাষাত). The Daily Star. 2018-01-17. http://www.thedailystar.net/arts-entertainment/event/aparna-sen-gets-candid-diff-1520797. 
  3. "Aparna Sen Biography". filmibeat.com. https://www.filmibeat.com/celebs/aparna-sen/biography.html। আহৰণ কৰা হৈছে: 4 January 2019. 
  4. "Monsoon girl". Te Papa. https://teara.govt.nz/files/43221-wmu.jpg। আহৰণ কৰা হৈছে: 14 January 2018. 
  5. "Bollywood wins big at National Film Awards". Reuters India. 23 January 2010. Archived from the original on 26 January 2010. https://web.archive.org/web/20100126093243/http://in.reuters.com/article/bollywoodNews/idINIndia-45633220100123। আহৰণ কৰা হৈছে: 2 February 2010. 
  6. "Master Of Her Art: Aparna Sen As An Actor And Filmmaker". Sethepeople, The Women's Channel. https://www.shethepeople.tv/home-top-video/master-of-her-art-aparna-sen-actor-filmmaker-bengali-cinema/। আহৰণ কৰা হৈছে: 3 February 2021. 
  7. "Paroma, the fortnightly magazine of Saradha launched by CM". Events at Saradha Realty. Archived from the original on 4 April 2016. https://web.archive.org/web/20160404212245/http://www.saradhagroup.biz/realty/events.php। আহৰণ কৰা হৈছে: 1 May 2017. 
  8. Sengupta, Reshmi (21 August 2014). "Why I did not quit". The Telegraph. https://www.telegraphindia.com/1140821/jsp/frontpage/story_18743324.jsp#.WQlVnIh97IU. 
  9. "16th Moscow International Film Festival (1989)". MIFF. http://www.moscowfilmfestival.ru/miff34/eng/archives/?year=1989। আহৰণ কৰা হৈছে: 24 February 2013. 
  10. "Aparna Sen to head Ladakh international film festival jury". The Times of India. 13 June 2013. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Aparna-Sen-to-head-Ladakh-international-film-festival-jury/articleshow/20568865.cms?. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
অপৰ্ণা সেন
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?