For faster navigation, this Iframe is preloading the Wikiwand page for অনিতা দেশাই.

অনিতা দেশাই

অনিতা দেশাই (Anita Desai)
জন্ম অনিতা মজুমদাৰ
২৪ জুন, ১৯৩৭ (৮৭ বছৰ)
মুছ'ৰী, গাড়ৱাল ৰাজ্য (বৰ্তমানৰ উত্তৰাখণ্ড, ভাৰত)
পেচা লেখক, অধ্যাপক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন দিল্লী বিশ্ববিদ্যালয়
সময় ১৯৬৩-বৰ্তমানলৈ
ধৰণ কাল্পনিক
সন্তান কিৰণ দেশাইকে ধৰি ৪ গৰাকী

অনিতা দেশাই, বা অনিতা মজুমদাৰ (জন্ম ২৪ জুন, ১৯৩৭) এগৰাকী ভাৰতীয় ঔপন্যাসিকা আৰু মাচাচুচেট্‌ছ ইন্‌ষ্টিটিউট অৱ টেক্‌ন'ল'জীৰ হিউমেনিটী বিষয়ৰ এমাৰিটা জন ই বুৰ্চাৰ্ড অধ্যাপিকা।[1][2] লেখিকা হিচাপে তেখেত তিনিবাৰ বুকাৰ বঁটাৰ বাবে মনোনীত হৈছে।[2] ১৯৭৮ চনত Fire on the Mountain উপন্যাসৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[3] The Village by the Sea উপন্যাসৰ বাবে তেখেতে ব্ৰিটিছ গাৰ্ডিয়ান বঁটা লাভ কৰিছিল।[4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৩৭ চনত মুছ'ৰীত দেশাইৰ জন্ম হয়। তেখেতৰ মাক টনি নাইম জাৰ্মান আৰু দেউতাক ডি এন মজুমদাৰ বঙালী।[5][1]

সৰুকালত তেখেতে ঘৰত জাৰ্মান আৰু ঘৰৰ বাহিৰত বঙালী, উৰ্দু, হিন্দী আৰু ইংৰাজী কৈছিল। ডাঙৰ হোৱালৈকে তেখেতে জাৰ্মানী গৈ পোৱা নাছিল। ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়া বাবে ইংৰাজীয়েই তেখেতৰ "সাহিত্যৰ ভাষা" হৈ পৰে। তেখেতে সাত বছৰ বয়সত লিখা আৰম্ভ কৰে আৰু ন বছৰ বয়সত তেখেতৰ প্ৰথমটো গল্প প্ৰকাশ পায়।[5]

দিল্লীৰ কুইন মেৰী মাধ্যমিক বিদ্যালয়ত পঢ়াৰ পাছত দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউছৰ পৰা তেখেতে ইংৰাজী সাহিত্যত বি এ ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী বছৰত তেখেতে এটা ছফ্টৱেৰ কোম্পানীৰ সঞ্চালক আৰু Between Eternities: Ideas on Life and The Cosmos কিতাপৰ লেখক অশ্বিন দেশাইৰ লগত বিবাহপাশত আবদ্ধ হয়।[6]

বুকাৰ বঁটা বিজয়ী কিৰণ দেশাইকে ধৰি তেওঁলোকৰ সন্তান চাৰিটা। বন্ধৰ দিনৰ সন্তানসকলক আলিবাগৰ ওচৰৰ থুল নামৰ ঠাইলৈ লৈ যোৱা হৈছিল। এই ঠাইকে কেন্দ্ৰ কৰি দেশাইয়ে The Village by the Sea উপন্যাস লিখে।[6][5] ইয়াৰ বাবে তেখেতে ১৯৮৩ চনত ব্ৰিটিছ শিশু গ্ৰন্থ লেখকৰ পেনেলে বাছনি কৰা গাৰ্ডিয়ান বঁটা লাভ কৰে।[4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৬৩ চনত দেশাইৰ প্ৰথম উপন্যাস Cry The Peacock প্ৰকাশ পায়। তেখেতে Clear Light of Day (১৯৮০) উপন্যাসক সকলোতকৈ বেছি আত্মজীৱনীমূলক বুলিছে।[7]

১৯৮৪ চনত জনপ্ৰিয়তা হ্ৰাস পোৱা এজন উৰ্দু কবিৰ বিষয়ে লিখা In Custody উপন্যাসৰ বাবে তেখেতক বুকাৰ বঁটাৰ বাবে মনোনীত কৰা হয়। ১৯৯৩ চনত তেখেত মাচাচুচেট্‌ছ ইন্‌ষ্টিটিউট অৱ টেক্‌ন'ল'জীত সৃষ্টিমূলক লেখাৰ শিক্ষকৰূপে যোগদন কৰে।[8]

১৯৯৯ চনত বুকাৰ বঁটাৰ বাবে মনোনীত Fasting Feasting উপন্যাসে তেখেতৰ জনপ্ৰিয়তা বৃদ্ধি কৰে। ২০০৪ চনত মেক্সিক'ৰ পটভূমিত লিখা উপন্যাস The Zigzag Way আৰু ২০১১ চনত চুটিগল্পৰ সংকলন The Artist of Disappearance প্ৰকাশ পায়।[9]

দেশাইয়ে মাউণ্ট হ'লয়'ক কলেজ, বাৰুক কলেজ আৰু স্মিথ কলেজতো শিক্ষাদান কৰিছে। তেখেত ৰয়েল চ'চাইটী অৱ লিটাৰেচাৰ, আমেৰিকান একাডেমী অৱ আৰ্ট্‌ছ এণ্ড লেটাৰ্ছ আৰু গ্ৰিটন কলেজ, কেমব্ৰিজৰ ফেল'।[10]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]

১৯৯৩ চনত তেখেতৰ উপন্যাস In Custodyৰ অভিযোজনাৰে একে নামৰ এখন ইংৰাজী চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। পৰিচালক আছিল ইছমাইল মাৰ্চেণ্ট আৰু চিত্ৰনাট্যকাৰ শ্বাহৰুখ হুছেইন।[11] শশী কাপুৰ, শ্বাবানা আজমী আৰু ওম পুৰীয়ে অভিনয় কৰা চলচ্চিত্ৰখনে ১৯৯৪ চনত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰপতিৰ সোণৰ পদক লাভ কৰে।


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Anita Desai- Biography". Chatto & WindusBritish Council. https://literature.britishcouncil.org/writer/anita-desai। আহৰণ কৰা হৈছে: 29 April 2018. 
  2. 2.0 2.1 "Anita Desai". GoodreadsGoodreads. https://www.goodreads.com/author/show/8841.Anita_Desai। আহৰণ কৰা হৈছে: 29 April 2018. 
  3. "Sahitya Akademi Award – English (Official listings)". Sahitya Akademi. Archived from the original on 31 March 2009. https://web.archive.org/web/20090331233952/http://www.sahitya-akademi.gov.in/old_version/awa10304.htm. 
  4. 4.0 4.1 "Guardian children's fiction prize relaunched: Entry details and list of past winners", guardian.co.uk, 12 March 2001; retrieved 5 August 2012.
  5. 5.0 5.1 5.2 Liukkonen, Petri. "Anita Desai". প্ৰকাশক Finland: Kuusankoski Public LibraryBooks and Writers. Archived from the original on 14 October 2004. https://web.archive.org/web/20041014083145/http://www.kirjasto.sci.fi/desai.htm. 
  6. 6.0 6.1 Dr. Kajal Thakur. Man-Woman Bonding In Socio-Cultural Indian Concept. Lulu.com. পৃষ্ঠা. 9–. ISBN 978-1-329-13103-3. https://books.google.com/books?id=iudCCwAAQBAJ&pg=PA9. 
  7. Elizabeth Ostberg. "Notes on the Biography of Anita Desai" Archived 20 January 2007 at the Wayback Machine
  8. "Archived copy". Archived from the original on 6 October 2006. https://web.archive.org/web/20061006221431/http://www.litweb.net/biogs/desai_anita.html। আহৰণ কৰা হৈছে: 27 December 2006.  [পৃষ্ঠা নং প্ৰয়োজন]
  9. "A Page in the Life: Anita Desai". https://www.telegraph.co.uk/culture/books/bookreviews/9347151/A-Page-in-the-Life-Anita-Desai.html। আহৰণ কৰা হৈছে: 24 March 2018. 
  10. Baumgartner's Bombay, Penguin, 1989.
  11. Anita Desai সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
  • Abrams, M. H. and Stephen Greenblatt. "Anita Desai". The Norton Anthology of English Literature, Vol. 2C, 7th Edition. New York: W.W. Norton, 2000: 2768 – 2785.
  • Alter, Stephen and Wimal Dissanayake. "A Devoted Son by Anita Desai". The Penguin Book of Modern Indian Short Stories. New Delhi, Middlesex, New York: Penguin Books, 1991: 92–101.
  • Gupta, Indra. India's 50 Most Illustrious Women. (ISBN 81-88086-19-3)
  • Selvadurai, Shyam (ed.). "Anita Desai:Winterscape". Story-Wallah: A Celebration of South Asian Fiction. New York: Houghton Mifflin, 2005:69–90.
  • Nawale, Arvind M. (ed.). "Anita Desai's Fiction: Themes and Techniques". New Delhi: B. R. Publishing Corporation, 2011.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
সাক্ষাৎকাৰ
বাতৰি কাকত
{{bottomLinkPreText}} {{bottomLinkText}}
অনিতা দেশাই
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?